জোনাই, ৩ জুনঃ জোনাই মহকুমাৰ অন্তৰ্গত ৰাজাখানা গাঁও পঞ্চায়তৰ অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া নাহৰ দেতাক গাঁৱৰ ৰাইজে শুকুৰবাৰে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ প্ৰতিমূৰ্তি দাহ কৰাৰ উপৰিও জ্বলন্ত প্ৰতিমূৰ্তিলৈ নিক্ষেপ কৰে শিলগুটি৷ কেৱল সিমানেই নহয়, দাৰে ঘপিয়াই ক্ষোভৰ বহিঃপ্ৰকাশ কৰে ৰাইজে ।
নব্বৈ দশকৰ পৰা নাহৰ দেতাক গাঁৱৰ ৰাইজে দেতাক নৈৰ ওপৰত এখন পকী দলং বিচাৰি হতাশ হৈ পৰিছে ৷ ফলত আজি নাহৰ দেতাগ অঞ্চলৰ ৰাইজে নিজৰ গাঠিৰ ধন ভাঙি নিজেই দেতাক নৈৰ ওপৰত এখন বাঁহৰ দলং সাজি উলিয়াই শ্ৰমদানেৰে । নাহৰ দেতাক গাঁৱৰ ৰাইজে বছৰ-বছৰ ধৰি দলং নিৰ্মাণ সন্দৰ্ভত অসম চৰকাৰ তথা স্থানীয় বিধায়ক ভুৱন পেগুক বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো বিধায়ক গৰাকীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে ৰাইজে ।