অসম

assam

By

Published : May 30, 2023, 12:53 AM IST

ETV Bharat / state

Cowherd missing in Jonai: গো-পালক নিৰুদ্দেশ হোৱাক লৈ জোনাইত চাঞ্চল্য

জোনাইত পুনৰ গো-পালক আৰু খেতিয়কৰ মাজত সংঘাত । এজন গো-পালক নিৰুদ্দেশ হোৱাক লৈ বৃদ্ধি পাইছে চাঞ্চল্য (Cowherd missing in Jonai) ৷ নিৰুদ্দেশ হোৱা গো-পালকক অপৰহৰণৰ দাৱী । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ।

Missing Cowherd suspected to kidneped by farmers
গো-পালক নিৰুদ্দেশ হোৱাক লৈ জোনাইত চাঞ্চল্য

গো-পালক নিৰুদ্দেশ হোৱাক লৈ জোনাইত চাঞ্চল্য

জোনাই, ২৯ মে': জোনাইৰ মুনমুনি চাপৰিত পুনৰ গো-পালক আৰু খেতিয়ক সকলৰ মাজত সৃষ্টি হৈছে সংঘাত (Jonai Land Dispute) ৷ খেতিয়কসকলে এজন গো-পালকক অপহৰণৰ অভিযোগ উথাপন কৰিছে গো-পালক সকলে ৷ ইতিমধ্যে নিৰুদ্দেশ হোৱা গো-পালকজনক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে মুনুমুনি চাপৰিত (Cowherd missing in Jonai) ৷

জানিবপৰা মতে আজি পুৱাই গো-পালকসকলে গৰু ম'হবোৰ পথাৰত মেলি দিয়াৰ কিছু সময়ৰ পিছতে খেতিয়কসকলে ম'হবোৰ চৰ-চাপৰি অঞ্চলৰ বিভিন্ন স্থানলৈ খেদি দিয়াৰ লগতে কিছু ম'হক দাৰে ঘঁপিয়াই আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰে গো-পালকসকলে (Missing Cowherd suspected to kidneped by farmers) ।

তদুপৰি ম'হবোৰ বিচাৰি আনিবলৈ যোৱা দুজন গো-পালকক মাৰপিট কৰাৰ লগতে এজন গো-পালক নিৰুদ্দেশ হোৱাৰ বিপৰীতে আন এজন গো-পালকে কোনোমতে নদী পাৰ হৈ প্ৰাণ ৰক্ষা পাবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে গো-পালকসকলে ৷ নিৰুদ্দেশ হোৱা গো-পালকজনৰ নাম গুচ্ছৰ মুণ্ডা বুলি জানিবপৰা গৈছে ৷ ঘটনা সংক্ৰান্তত গো-পালকসকলে জোনাইৰ আৰক্ষীৰ কাষ চপাত নিৰুদ্দেশ হোৱা গো-পলাকজনক উদ্ধাৰ কৰাৰ বাবে আৰক্ষীয়ে চাপৰিত অভিযান আৰম্ভ কৰিছে ৷

উল্লেখযোগ্য যে, চলিত মাহৰ ২৩ তাৰিখে মুনমুনি মাজিআলি চাপৰিত গো-পালকসকলে হাজাৰ হাজাৰ গৰু ম'হ লৈ জোনাই মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয় অভিমুখে ৰাওনা হৈছিল ৷ জোনাইৰ এই গো-পালকসকলে নিজৰ নিজৰ গৰু-ম'হ লৈ পদযাত্ৰা কৰি জোনাইৰ মহকুমা প্ৰশাসনক গৰু-ম'হবোৰ চমজাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল (Jonai Land Dispute) ৷ কিন্তু, ২৪ মে' তাৰিখে জোনাইত গো-পালকসকলৰ আন্দোলন সাময়িক বাবে স্থগিত ৰখা হৈছিল (Cowherd protest at Jonai) ৷

উক্ত স্থানতে গো-পালকসকলক জোনাই মহকুমা প্ৰশাসনে বাধা দিবলৈ আৰক্ষীৰ এক বিশাল দল লৈ পথাৰখনত উপস্থিত হৈছিল ৷ সেই ঠাইতে স্থানীয় সংগঠন টিএমপিকেৰ সৈতে এক আলোচনাত মিলিত হয় গো-পালকসকল (Cowherd protest continued at Jonai) ৷ এই আলোচনা মৰ্মে পূৰ্বে নিৰ্ধাৰণ কৰি থোৱা অনুসৰি ২৫ মে’ত ধেমাজি জিলাৰ উপায়ুক্তৰ লগতে জোনাই মহকুমা প্ৰশাসনৰ সৈতে গো-পালকসকলে আলোচনাত মিলিত হোৱাত সন্মতি প্ৰকাশ কৰিছিল (Cowherder held meeting with DC) ৷

সেই সন্মতি মৰ্মে যোৱা ২৫ মে' তাৰিখে মুনমুনি চাপৰিৰ ভুমি বিবাদক লৈ ধেমাজি জিলা উপায়ুক্তৰ লগতে জোনাই মহকুমা প্ৰশাসন, গো-পালক আৰু খেতিয়কৰ লগতে স্থানীয় সংগঠন TMPK ৰ সহযোগত জোনাই মহকুমাধিপতি কাৰ্যালয়ত আলোচনা কৰি অতি শীঘ্ৰে মীমাংসা কৰাৰ আশ্বাস প্ৰদান কৰিছিল । ইয়াৰ পিছতে এই ঘটনাই পুনৰ উত্তেজনা বঢ়াই তুলিছে দুয়োপক্ষৰ মাজত ৷

লগতে পঢ়ক:Rally by AGP in Dibrugarh : ডিব্ৰুগড়ত বিশাল ৰেলী উলিয়াই অগপই বজালে নিৰ্বাচনী ৰণশিঙা

ABOUT THE AUTHOR

...view details