অসম

assam

ETV Bharat / state

MAC Meeting in Jonai : সামগ্ৰিক বিকাশৰ লক্ষ্যৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ গাঁওসভা - DAC Gaon Sabha in Dhemaji

দক্ষতা বিকাশ, জীৱন-জীৱিকা, শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত গুৰুত্ব বিশেষ গুৰুত্ব প্ৰদান কৰিছে মিচিং স্বায়ত্ব শাসিত পৰিষদে ৷ এই উদ্দেশ্য আগত ৰাখি ধেমাজিৰ ২ নং মূকংচেলেক, সানজাৰি নৌগৌৰ, চিমেন-চমকং, লালী পৰিষদীয় সমষ্টিত গাঁওসভা অনুষ্ঠিত কৰে সোমবাৰে (DAC Gaon Sabha in Dhemaji)৷

MAC Meeting in Jonai
সামগ্ৰিক বিকাশৰ লক্ষ্যৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ গাঁওসভা

By

Published : Oct 24, 2022, 7:17 PM IST

জোনাই, ২৪ অক্টোবৰ : মিচিং স্বায়ত্ব শাসিত পৰিষদ, ২ নং মূকংচেলেক পৰিষদীয় সমষ্টিৰ ২০২২-২৩ বৰ্ষৰ পৰিপূৰক পুঁজি আৰু ২০২৩-২৪ বিভিন্ন বৰ্ষৰ আঁচনি প্ৰস্তুত সম্পৰ্ভত সোমবাৰে ৰুয়ি জোনাই ৰাজহুৱা প্ৰেক্ষাগৃহত এখন পৰিষদীয় গাঁওসভা অনুষ্ঠিত কৰা হয় (DAC Gaon Sabha in Dhemaji)৷ গণশক্তিৰ জোনাই ব্লক সমিতিৰ উপ-সভাপতি তথা জোনাই গাঁও পঞ্চায়তৰ কাউঞ্চিলৰ কমলা শৰ্মাই সভাপতিত্ব কৰে সভাখনত ৷

সভাখনত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২ নং মূৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে কয় যে এম এ চিয়ে ৰূপায়ন কৰিবলৈ লোৱা আঁচনি সম্পৰ্কত কম পৰিষদীয় এলেকাধীন অঞ্চল, শিক্ষা, বানখহনীয়া, ক্ৰীড়া ক্ষেত্ৰ উন্নয়নৰ লগতে জীৱন জীৱিকা আঁচনি ৰূপায়নত এম এ চিয়ে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে ৷ আঁচনিসমূহ সম্পৰ্কত ৰাইজৰ সৈতে আলোচনা কৰি বছেৰেকীয়া কাৰ্যপৰিকল্পনা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

জোনাই গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বৰি, বাহিৰ জোনাই গাঁও পঞ্চায়তৰ সভানেত্ৰী বিনিতা কছাৰী কুম্বাং, টি এম এম কেৰ সভানেত্ৰী গীতাঞ্জলী বৰি পাতিৰে এম এচিৰ আঁচনি ৰূপায়নত যাতে দুৰ্নীতি অনিয়ম সংঘটিত নহয় তাৰ ওপৰত গুৰুত্ব দিবলৈ ৰাইজসকলক আহ্বান জনায় এম এছ চিয়ে দিয়া আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজক গঠনমূলক পৰামৰ্শ আগবঢ়ায় ৷ আজিৰ সভাতেই ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ ৰাজহুৱা আৰু ব্যক্তিগত বিভিন্ন আঁচনি উল্লেখিত আবেদন ৰাইজে প্ৰদান কৰে ৷

উক্ত সভাত ২ নং মুৰ্কংচেলেক পৰিষদীয় সমষ্টিবাসী ৰাইজৰ লগতে ২ নং মূৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জাতীয় সংগঠনৰ নেতৃবৃন্দ, জেষ্ঠ নাগৰিক, শিক্ষক সমাজ, ছাত্ৰ NGO, আত্ম সহায়ক গোট, মহিলা গোট আৰু সমষ্টি উন্নয়ন সমিতিৰ বিষয়ববীয়া উপস্থিত থাকি দিহা-পৰামৰ্শ আগবঢ়ায় ৷ ইফালে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৬ নং সানজাৰি নৌগৌৰ পৰিষদীয় সমষ্টিৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ আঁচনি প্ৰস্তুতৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ মানিকপুৰ ৰাজহুৱা ভৱনত এখন গাঁওসভা আহ্বান কৰা হয় ।

এছবি বড়ো হাইস্কুলৰ(Satish Basumatary Bodo High School) অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক ললিত চন্দ্ৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় এমএচিৰ ৬ নং সানজাৰি নৌগৌৰ সমষ্টিৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীয়ে । সভাত সন্মিলিত গণ শক্তিৰ ডেকাপাম পঞ্চায়ত সমিতিৰ সভাপতি কমলেশ্বৰ পেগুয়ে কয়, উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণ আঁচনিসমূহ অসম চৰকাৰৰ পঞ্চায়তে যথেষ্ট হাতত লৈছে বুলি উল্লেখ কৰি মিচিং স্বায়ত্তশাসিত পৰিষদে জীৱন-জীৱিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আঁচনি গ্ৰহণ কৰা উচিত বুলি বক্তব্য ৰাখে ।

সভাত উপস্থিত থাকি ইউবিপিঅ'ৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা জোনাৰাম ব্ৰহ্মই কয়, এমএচিয়ে(Mising Autonomous Council) মোটা অংকৰ পুঁজি খটুৱাই প্ৰকল্প হাতত ল'ব লাগে যাৰদ্বাৰা এমএচিৰ ৰাজহ সংগ্ৰহ কৰিব পাৰি বুলি বক্তব্য দাঙি ধৰে । এমএমকেৰ জোনাই জিলা সমিতিৰ সম্পাদক সদানন্দ পেগুয়ে কয়, এমএচিয়ে মানৱ সম্পদ গঢ়ি তোলাৰ ওপৰত নিৰ্ভৰ কৰি আঁচনি প্ৰস্তুত কৰাৰ লগতে আঁচনিসমূহ সঠিক স্থানত উপযুক্ত হোৱাকৈ গ্ৰহণ কৰিব লাগে ৷

এমএচিৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীয়ে কয় এমএচিয়ে জীৱন-জীৱিকা, দক্ষতা বিকাশ, শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে আঁচনি প্ৰস্তুত কৰি ৰূপায়নত অগ্ৰাধিকাৰ দিয়া হৈছে বুলি ভাষণ আগবঢ়ায় । আনহাতে এমএচিৰ ৭ নং চিমেন চমকং পৰিষদীয় সমষ্টিৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ আঁচনি প্ৰস্তুতৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ এখন গাওঁসভা চমকঙৰ টিএমপিকে কমপ্লেক্সত অনুষ্ঠিত কৰা হয় ।

সামগ্ৰিক বিকাশৰ লক্ষ্যৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ গাঁওসভা

সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক জতিন কুটুমে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে এমএচিৰ ৭ নং চিমেন চমকং পৰিষদীয় সমষ্টিৰ কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰাই । সভাত চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে, চমকং গাওঁ পঞ্চায়তৰ সভাপতি সুকুৰাম ব্ৰক্ষ্ম, আঞ্চলিক পঞ্চায়তৰ সদস্য পদ্মনাথ চাৰহ, সন্মিলিত গণ শক্তি অসম দলৰ চিমেন চাপৰি পঞ্চায়ত সমিতিৰ সভাপতি সভাপতি ৰাজেন বৰুৱা, চমকং প্ৰাইমাৰী ট্ৰাইবেল সংঘৰ সভাপতি কুমেশ্বৰ মৰাং, টিএমপিকেৰ চমকং আঞ্চলিক সমিতিৰ সভাপতি নীলমণি দলে, মিচিং আগম কৌবাঙৰ চমকং আঞ্চলিক সমিতিৰ উপ-সভাপতি হেম বড়ি, ৭২ নং গাওঁ প্ৰধান বিনোদ বড়ো, জীৱিকা সখী মঞ্জু পেগু আৰু অঞ্চলৰ দল-সংগঠনসমূহৰ নেতৃবৃন্দ আৰু ৰাইজ উপস্থিত থাকে ।

আজিৰ গাওঁসভাত নিৰ্মাণ সন্দৰ্ভত ৫০ খন আৰু জীৱন-জীৱিকাৰ সন্দৰ্ভচ ৩০ খন আবেদন আগবঢ়োৱা হয় । এমএচিৰ ১ নং লালী সমষ্টিৰ শান্তিপুৰ মূৰঙত আজি এখন গাওঁসভা অনুষ্ঠিত কৰা হয় ৷ পূৱ জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগুৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় ১ নং লালী সমষ্টিৰ সাধাৰণ সদস্য ৰাতিৰাম বসুমতাৰীয়ে । এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ সভাপতি মথুৰাজ মুছাহাৰী, সাধাৰণ সম্পাদক গাইদাং বসুমতাৰী, ইউবিপিঅ'ৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ সভাপতি হৰি বসুমতাৰী, সাধাৰণ সম্পাদক ৰজনী ৰামচিয়াৰী, এমএমকেৰ জোনাই জিলা সমিতিৰ বিষয়ববীয়া ৰাজকুমাৰ মেদক, পূৰ্ণ পেগু, ধনেশ কুটুম, দিব্য দলে, মুকেশ দলে, টিএমপিকে গালি আঞ্চলিক সমিতিৰ বিষয়ববীয়া দুলনাথ মিলি, পদ্ম পেগু উপস্থিত থাকে ।

লগতে পঢ়ক:Diwali at Jonai:জোনাইৰ ললাদ মা কালী থানত পূজাৰ ৰূপালী জয়ন্তী

ABOUT THE AUTHOR

...view details