অসম

assam

ETV Bharat / state

সদৌ মিচিং ছাত্ৰ সন্থা সোণালী জয়ন্তী বৰ্ষৰ লাইখুঁটা স্থাপন - জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয়

সদৌ মিচিং ছাত্ৰ সন্থা ( টি এম পি কে)ই সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে বছৰজোৰাকৈ উৎযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বুধবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মিচিং পৰম্পৰাগত নিয়মেৰে লাইখুঁটা স্থাপন কৰা হয় ৷

mishing-students-association-golden-jubilee-year
সদৌ মিচিং ছাত্ৰ সন্থা সোণালী জয়ন্তী বৰ্ষৰ লাইখুঁটা স্থাপন

By

Published : Dec 17, 2020, 10:56 AM IST

জোনাই, ১৭ ডিচেম্বৰ : ১৯৭১ চনত জন্ম লাভ কৰা অসমৰ মিচিং সকলৰ ছাত্ৰ সংগঠন সদৌ মিচিং ছাত্ৰ সন্থা ( টি এম পি কে)ই সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে বছৰজোৰাকৈ উৎযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সেই অনুসৰি জোনাই, ঢকুৱাখানা, মাজুলী, চিলাপথাৰ আৰু গোগামুখত ৰূপায়ণ কৰিবলগীয়া এই কাৰ্যসূচী ১৬ আৰু ১৭ জানুৱাৰীত জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শুভাৰম্ভ হ'ব ।

সদৌ মিচিং ছাত্ৰ সন্থা সোণালী জয়ন্তী বৰ্ষৰ লাইখুঁটা স্থাপন

এই উপলক্ষে মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকক সভাপতি, টিএমপিকেৰ প্ৰাক্তন সভাপতি নৰেশ কুম্বাঙক সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে ৷ সমান্তৰালভাৱে বুধবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মিচিং পৰম্পৰাগত নিয়মেৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদক, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, পূব জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগু আৰু ৩০ জন গাম'ৰ( গাঁওবুঢ়া ) উপস্থিতিত লাইখুঁটা স্থাপন কৰা হয় ৷

এই কাৰ্যসূচীত টিএমপিকেৰ প্ৰতিষ্ঠাপক সদস্য তথা অৱসৰপ্ৰাপ্ত শিক্ষক ৰঞ্জিত দলে, সমাজকৰ্মী নন্দেশ্বৰ ৰেগন, জ'নাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজেশ্বৰ পেগু, সুৰুয দলে, খগেশ্বৰ পেগু, মহেশ পেগু আদি উপস্থিত থাকে ৷ অনুষ্ঠানটিৰ আঁত ধৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী নৰেশ কুম্বাঙে ৷

লগতে পঢ়ক: সিংঘু সীমান্তত আত্মহত্যা কৃষকৰ

ABOUT THE AUTHOR

...view details