জোনাই ৬ জুলাই :ভূমি বিবাদক লৈ জোনাই মুনমুনি মাজিআলি চাপৰিত মঙলবাৰে বিয়লি এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছিল ৷ উক্ত সংঘটিত হোৱা ঘটনাটোত জড়িত ন জনকৈ লোকে বৃহস্পতিবাৰে বিয়লি জোনাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷
উল্লেখ্য যে, ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত মাজিআলি মুনমুনি চাপৰিত মঙলবাৰে সন্ধিয়াৰ ভাগত উত্তেজিত কৃষকে গো-পালকৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ কৰিছিল ৷ জানিব পৰা মতে চহা পালকসকলৰ পৰিচালনা সমিতিৰ এখন সভা অনুষ্ঠিত হৈছিল মুনমুনি চাপৰিত ৷ এই সভাৰ মাজতে হঠাৎ এটা ৪০০ জনীয়া দুৰ্বৃত্তৰ এটা দলে দা-কুঠাৰ আদিৰ দৰে চোকা অস্ত্ৰ লৈ অতৰ্কিতে আক্ৰমণ কৰে গো-পালকসকলৰ ওপৰত । লগে লগে গুৰুতৰভাৱে আহত ৰাজেশ পাইত, টাপাই পাতিৰ, খগেন কুলি, লীলাধৰ কুলি, কৃষ্ণ পেগু, জান পাতিৰ, চক্ৰজিৎ চাৰহ, লীলা পেগু আৰু কানাই পেগুক ডিব্ৰুগড় আদিত্য নাৰ্চিং হোম আৰু অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । যদিও কানাই পেগু নামৰ এজন গো-পালকৰ ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিং হোমত বুধবাৰে নিশা প্ৰায় ১-৩০ বজাত মৃত্যু হয় ।