ধেমাজি,৮ মে': যি সময়ত অসমীয়া স্বাভিমানৰ প্ৰতীক গামোচাই ভৌগলিক স্বীকৃতি লাভ কৰাত ৰাজ্যবাসী উৎফুল্লিত হৈ পৰিছে, সেই সময়তে স্ব-ভূমিতেই গামোচাক কৰা হ’ল চূড়ান্ত অপমান (GI tag to Gamocha) ৷ গামোচাৰ অবিহনে বিহুৰ অস্তিত্ব চিনিব নোৱাৰি ৷ তেনে ক্ষেত্ৰত অসমীয়া জাতিৰ পৰিচয় দাঙি ধৰা এইখন গামোচাক লৈ চিলাপথাৰত পুনৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ ২০১৬ চনত আছুৰ কাৰ্যালয়ত এই গামোচাখন গচকি এক বহিৰাগত শক্তিয়ে অপমান কৰিছিল ৷
ইয়াৰ পিছত পুনৰ ব'হাগৰ আনন্দৰ মাজতে চিলাপথাৰত অসমীয়াৰ স্বাভিমান গামোচা, ঢোলক অপমান একাংশ উদণ্ড যুৱকৰ (Insult to Gamucha at Silapathar) । যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চিলাপথাৰত (Miscreants burn Gamucha Dhol at Silapathar) । চিলাপথাৰৰ কেন্দুগুৰি গাঁৱৰ বিতুল চেতিয়া নামৰ যুৱকজনে লগৰীয়াৰ সৈতে বিহু মাৰিবলৈ নোযোৱাৰ বাবেই পুৱাই বিতুলৰ ঘৰত উদণ্ড ৰূপত নৱ চাংমাই, লক্ষী চুতীয়া আৰু অনন্ত নামৰ কেইবাজনো যুৱক উপস্থিত হৈ কোনো কথা-বতৰা নোকোৱাকৈয়ে অসমীয়াৰ স্বাভিমান ফুলাম গামোচা, ঢোলত পেট্ৰ'ল ঢালি জ্বলাই দিয়ে ।
লগতে পঢ়ক:Manipur crisis update: মণিপুৰৰ ঠায়ে ঠায়ে সান্ধ্য আইন শিথিল; সেনাৰ উদ্ধাৰ অভিযান অব্যাহত