জোনাই, 10 আগষ্ট : সাত মাহ পূৰ্বেই সংঘটিত হোৱা এক নাৰকীয় কাণ্ড ৷ ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ চিমেন কৈৱৰ্ত গাঁৱত সংঘটিত হৈছিল এই ঘটনা ৷ এজন চাৰি সন্তানৰ পিতৃৰ কামনাৰ বলি হৈছিল এগৰাকী 14 বছৰীয়া নাবালিকা ৷ সেই সময়ত উক্ত ঘটনাক গাপ দিয়া হৈছিল যদিও বৰ্তমান সময়ত পোহৰলৈ আহিছে সমষ্ট ঘটনা ৷
ধৰ্ষণৰ পাচত এই কথা কাকো জনোৱা নাছিল কিশোৰীগৰাকীয়ে ৷ কিন্তু এতিয়া সকলোৱেই জানিব পাৰিছে এই জঘন্য ঘটনাটোৰ কথা ৷ কাৰণ কিশোৰী গৰাকী এতিয়া অন্তঃসত্বা ৷
আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে কেনেকৈ সংঘটিত হৈছিল এই ঘটনা ৷ তাৰ বাবে উভতি যাব লাগিবল সাত মাহ আগলৈ ৷
চিমেন কৈৱৰ্ত গাঁৱৰ সৰু দাস ওৰফে গজেনে 7 মাহ পূৰ্বেই একেখন গাঁৱৰে এগৰাকী পিতৃহীনা নাবালিকাক ঘৰত কোনো নথকা অৱস্থাত প্ৰলোভন আৰু ভয় ভাবুকিৰে কৰিছিল বলাৎকাৰ ৷ ধৰ্ষণকাৰী সৰু দাসে নাবালিকা গৰাকীক বলাৎকাৰৰ কথা আনক ক’লে প্ৰাণে মাৰি চিমেন নদীত উটুৱাই দিয়াৰো ভাবুকি প্ৰদান কৰিছিল ৷ যাৰ বাবে ভুক্তভোগী নাবালিকা গৰাকীয়ে প্ৰাণৰ মমতাত লুকুৱাই ৰাখিছিল সকলো কথা ৷