ধেমাজী,১ মাৰ্চঃ গোলাঘাট আৰু যোৰহাটত বিসাক্ত সুৰাপান কৰি প্ৰায় ডেৰ শতাধিক ব্যক্তিৰ মৃত্যু হোৱাৰ পাছত শুকুৰবাৰে আবকাৰী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ধেমাজিৰ ৰাজপথত । আবকাৰী বিভাগৰ ব্যৰ্থতা তথা নিৰৱ ভুমিকাৰ প্ৰতিবাদত ধেমাজি জিলা কংগ্ৰেছ কৰ্মীসকলে ধেমাজি সদৰ ৰাজপথত দাহ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শমা আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি । প্ৰতিবাদী কৰ্মীসকলে চুলাই বেপাৰী বিজেপি চৰকাৰ হায় হায় শ্লোগানেৰে উত্তাল কৰি তোলে ধেমাজি ৰাজপথ ।
আবকাৰী বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত উত্তাল ধেমাজি - ধেমাজি জিলা কংগ্ৰেছ কৰ্মী
জ্বলিল তিনি মন্ত্ৰীৰ পুত্তলিকা
আবকাৰী বিভাগৰ চৰম ব্যৰ্থতা
ইয়াৰ উপৰিও আগন্তুক নিবাচনত ভোটৰ আশাত যাতে আবকাৰী বিভাগৰ জৰিয়তে চুলাই বিক্ৰী কৰা কায্যসূচী চৰকাৰে বন্ধ নাৰাখে তাৰ বাবে বিজেপি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে । লগতে ৰাজ্য কঁপাই যোৱা গোলাঘাটৰ সুৰাৰ ট্ৰেজেদিৰ ঘটনা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰি দোষীক উচিত শাস্তি দিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ।