ধেমাজি, 29 ছেপ্টেম্বৰ: আগন্তুক 8 অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব বিজেপিৰ এখন দলীয় সমাৱেশ ৷ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ(Home minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা উপস্থিত থাকিব লগা এই সমাৱেশলৈ দলীয় কৰ্মীসকলক নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে বুধবাৰে ধেমাজিত উপস্থিত হয় অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika in Dhemaji) ৷
ধেমাজিৰ কাছাৰী ময়দানৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি সভাখনত প্ৰায় 35,000 বিজেপিৰ কাৰ্যকৰ্তা উপস্থিত থাকিব ৷
ধেমাজিত মন্ত্ৰী পীযুষ হাজৰিকা ইয়াৰ পিছতে জিলাখনৰ জীয়াঢল নৈৰ মথাউৰি ভাঙি বানে ক্ষতি কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে ভগ্ন মথাউৰিৰ পুনৰ নিৰ্মাণৰ কামৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ লগতে খহনীয়াত ক্ষতি হোৱা মথাউৰিটো ৰক্ষা কৰিবলৈ বিভাগীয়ভাৱে সকলো ব্যৱস্থা লোৱা হ'ব বুলি স্থানীয় লোকসকলক আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ( Pijush Hazarika visiterd Jiadhal Embankment) ।
ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ (Bharatiya Janata Party) উদ্যোগত আয়োজন কৰা এখন প্ৰদৰ্শনী মেলাত অংশগ্ৰহণ কৰি দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হয় ৷
লগতে পঢ়ক:তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং