অসম

assam

By

Published : May 7, 2020, 4:39 PM IST

ETV Bharat / state

পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে জোনাইত মন্ত্ৰী নৱ কুমাৰ দলে

সমাগত বাৰিষাৰ সমান্তৰালকৈ দেশত চলি থকা কৰ'ণা মহামাৰীৰ সৈতে কিদৰে মোকাবিলা কৰিব তাৰ বাবে বিভাগীয় বিষয়াৰ সৈতে আলোচনাত বহে মন্ত্ৰীগৰাকী । গাহৰিৰ জ্বৰৰ সৈতে মোকাবিলা কৰাৰ লগতে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গাঁওসমূহত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি অৱগত কৰে মন্ত্ৰী নৱ কুমাৰ দলেয়ে ৷

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ মন্ত্ৰী নৱ কুমাৰ দলেৰ সজাগতা সভা
ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ মন্ত্ৰী নৱ কুমাৰ দলেৰ সজাগতা সভা

ধেমাজি , 6 মে : ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে ধেমাজিত উপস্থিত হয় গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ জোনাইৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি বিয়লি ধেমাজি উপায়ুক্ত কাৰ্যালয়ত কেবাজনো বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । পৰৱৰ্তী সময়ত সাংবাদিকসকলক সম্বোধন কৰি বহু কেইটা বিষয়ৰ ওপৰত মন্তব্য কৰাৰ লগতে পৰামৰ্শ আগবঢ়ায় ৷

শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে জোনাইত উপস্থিত মন্ত্ৰী নৱ কুমাৰ দলে

আগন্তুক বাৰিষা, COVID 19 সৈতে কিদৰে মোকাবিলা কৰিব সেই সন্দৰ্ভত বিভাগীয় বিষয়াৰ সৈতে আলোচনাত বহে মন্ত্ৰীগৰাকী । গাহৰিৰ জ্বৰৰ সৈতে মোকাবিলা কৰাৰ লগতে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গাঁওসমূহত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি অৱগত কৰে মন্ত্ৰী নৱ কুমাৰ দলেয়ে ৷

ABOUT THE AUTHOR

...view details