ধেমাজি, ৯ মাৰ্চ: ধেমাজি জিলাৰ কুমটীয়াত জীয়াঢল নদীৰ সোঁপাৰৰ মথাউৰি পৰিদৰ্শন কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । বুধবাৰে ধেমাজিৰ চকুলো হিচাপে খ্যাত জীয়াঢল নদীৰ কুমটীয়াত সোঁপাৰৰ 9 কিলমিটাৰ দৈঘ্যৰ মথাউৰিটো পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta visited embankment at Dhemaji) ৷ যোৱা বছৰ অৰ্থাৎ 2022 চনত জীয়াঢলৰ বানত কুমটীয়াৰ সোঁপাৰৰ এই মথাউৰিটোৰ বগলীজানত কিছু অংশ ছিগি গৈছিল (Minister Keshav Mahanta visited embankment of Jiyadhal River) ৷ যোৱা 9 ফ্ৰেব্ৰুৱাৰীৰ পৰা বগলীজানত সংশ্লিষ্ট বিভাগৰ ঠিকাদাৰে কাম আৰম্ভ কৰিছে যদিও ক্ষীপ্ৰতাৰে আগবঢ়া নাই মথাউৰিৰ নিৰ্মাণৰ কাম ৷ এই নিৰ্মীয়মাণ অৱস্থাত থকা মথাউৰিটোৰ কামৰ অ্গ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷
স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই নিৰ্মাণৰ লেহেমীয়া গতি দেখি সেই স্থানৰ পৰাই ব'হাগ বিহুৰ পূৰ্বেই মথাউৰিটো নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট ঠিকাদাৰ আৰু অভিযন্তাক নিৰ্দেশ দিয়ে (Keshav Mahanta visited embankment at Kumtia )। তদুপৰি ঠিকাদাৰক সকলোৰে সন্মুখত পৰিদৰ্শন থলীতেই কাম সোনকালে সম্পূৰ্ণ কৰাৰ বাবে পৰ্যাপ্ত শ্ৰমিক নিয়োগ কৰা লগতে আনুষংগিক সামগ্ৰীৰ অভাৱ নোহোৱাকৈ যিকোনো প্ৰকাৰে সম্পূৰ্ণ কৰিবলৈ দিয়ে নিৰ্দেশ ৷ তেওঁ লগতে শ্ৰমিক আৰু অভিযন্তাই প্ৰতিদিনে কিমান মিটাৰ কাম আদায় কৰিব, শ্ৰমিকৰ কাৰ্যদক্ষতা ,কামৰ সময় কিমানলৈ বৃদ্ধি কৰিব আদি সমগ্ৰ কামৰ ওপৰত খতিয়ান জমা দিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে মথাউৰিৰ কাম সম্পূৰ্ণ হলেই পাৰ্কুপাইন স্থাপন কৰাকে ধৰি আনুসংগিক কামবোৰো তৎকালীনভাৱে কৰিলৈ তেওঁ নিৰ্দেশ দিয়ে ৷