বৃহৎ নদীবান্ধৰ বিৰোধিতা কৃষিমন্ত্ৰী অতুল বৰাৰ
ধেমাজিত পথাৰ পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ ৷ চৰহা আৰু শুৰ পোকে উপদ্ৰৱ কৰা পথাৰ পৰিদৰ্শন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰীজনে ৷ আক্ৰান্ত কৃষিভূমি পৰিদৰ্শন কৰাৰ পিছতে জিলা খনৰ কৃষি বিভাগক এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ অগপ ধেমাজি জিলা সমিতিয়ে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা একাদশ ত্ৰি বাৰ্ষিক সাধাৰণ অধিৱেশনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ আগৰে পৰা বৃহৎ নদীবান্ধ বিৰোধিতা কৰি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
ধেমাজি, 29 আগষ্টঃ ধেমাজিত পথাৰ পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ ৷ বুধবাৰে ধেমাজি জিলাৰ চিচি বৰগাওঁৰ গেলুৱাত চৰহা আৰু শুৰ পোকে উপদ্ৰৱ কৰা পথাৰ পৰিদৰ্শন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰীজনে ৷ হাজাৰ হেক্টৰ কৃষি ভূমি শুৰপোকত আক্ৰান্ত হোৱাৰ ফলত জিলাখনৰ কৃষক ৰাইজে মূৰে - কপালে হাত দিবলগীয়া হৈছে ৷ আক্ৰান্ত কৃষিভূমি পৰিদৰ্শন কৰাৰ পিছতে জিলা খনৰ কৃষি বিভাগক এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ লগতে বানত আক্ৰান্ত কৃষক সকলক ৰবি শস্যৰ বাবে ৩৫ কোটি টকা মোকলাই দিয়া হৈছে বুলি অৱগত কৰে ৷ ইফালে অগপ ধেমাজি জিলা সমিতিয়ে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা একাদশ ত্ৰি - বাৰ্ষিক সাধাৰণ অধিৱেশনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে তেওঁ ৷ আনহাতে, সাংবাদিকৰ নদীবান্ধ সম্পৰ্কৰ প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁলোকে আগৰে পৰা বৃহৎ নদীবান্ধ বিৰোধিতা কৰি আহিছে ৷ লগতে কয়, ক্ষদ্ৰ ক্ষুদ্ৰ বান্ধে ৰাইজক উপকৃত কৰিব কিন্তু বৃহৎ নদীবান্ধে ৰাইজৰ ক্ষতি কৰিব ৷ লক্ষনীয় যে, মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ মন্ত্ৰীগৰাকীৰ এনে মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷