ধেমাজি, 27 এপ্ৰিল: কংগ্ৰেছক এতিয়া টিভিত জীয়াই ৰাখি লাভ নাই ৷ কংগ্ৰেছ এতিয়া নাই ৷ কংগ্ৰেছৰ বাতৰি প্ৰকাশ কৰিলে টি আৰ পি নোহোৱা হ’ব ৷ কংগ্ৰেছৰ নিউজ ওলালে মানুহে চেনেল সলনি কৰি দিব ৷ এই মন্তব্য মন্ত্ৰী অশোক সিংহালৰ ৷ কংগ্ৰেছৰ বিধায়ক ৰাণা গোস্বামীয় সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ এইদৰে মন্তব্য কৰিলে ৰাজ্যৰ মন্ত্ৰী অশোক সিংহালে (Minister Ashok Singhal Slams Congress) ৷
এজন কৃষকৰ মনৰ বেদনা জানিলে মনটো বেছি ভাল লাগে, কংগ্ৰেছৰ নেতাই কিবা কৈছে তাত একো ভেল্যু নাই ৷ কাৰণ ভাল কথা তেওঁলোকে কোনোদিন নকয় ৷ গতিকে বেয়া কথা শুনি মন বেয়া কিয় কৰিম বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ শুনিব লগা হ’লে ভাল কথা শুনিম; গুৰুজনৰ নাম প্ৰসংগ শুনিম বুলিও মন্তব্য কৰে তেওঁ ৷ লগতে কংগ্ৰেছক এতিয়া টিভিত জীয়াই ৰাখি লাভ নাই, কংগ্ৰেছৰ বাতৰি প্ৰকাশ কৰিলে টি আৰ পি নোহোৱা হ’ব বুলি সাংবাদিকক পৰামৰ্শ দিলে মন্ত্ৰীগৰাকীয়ে (Ashok Singhal at Dhemaji) ৷
উল্লেখ্য যে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ধেমাজি আৰু জোনাই ভ্ৰমণ কৰি জিলাখনৰ দুয়োটা মহকুমাতে জলসিঞ্চন বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ ক্ষেত্ৰ পৰ্যায়ত পৰিদৰ্শন কৰাৰ লগতে সেইবোৰৰ শেহতীয়া স্থিতিৰ বুজ লয় ৷ বুধবাৰে পুৱা জোনাইত উপস্থিত হোৱাৰ পাচতে তেওঁ জলসিঞ্চন আঁচনিৰ সম্ভাৱনীয়তা অন্বেষণ কৰাৰ উদেশ্যেৰে জোনাইৰ সমীপৱৰ্তী অসম-অৰুণাচল সীমান্তৰ ওৱেন ঘাটত চিলে নদীৰ দলঙৰ পৰা নদীখনৰ অৱবাহিকা পৰিদৰ্শন কৰে ৷ ইয়াৰ পিচতে তেওঁ জোনাই সমষ্টিৰ অন্তৰ্গত মেনজাক নলা আৰু ছিমেন নদী পৰিদৰ্শন কৰি অঞ্চলটোত জলসিঞ্চন আঁচনি ৰূপায়ণৰ সম্ভাৱনাৰ ওপৰত পৰ্যৱেক্ষণ কৰে (Minister Ashok Singhal) ৷