জোনাই,31অক্টোবৰঃ অসমৰ অন্যতম নৃ-গোষ্ঠী তথা চহকী লোক-সাহিত্য, বৰ্ণাঢ্য সাংস্কৃতিক সম্ভাৰেৰে সমৃদ্ধ মিচিংসকলৰ 36 সংখ্যক ভাষা স্বীকৃতি দিৱস শুকুৰবাৰে বাৰে জোনাইত পালন কৰা হয় ৷ জোনাইৰ চাংগ জোনাই বাংকে আগম কৗবাঙৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে বাংকে লত্তাত এদিনীয়াকৈ ভাষা স্বীকৃতি দিৱস পালন কৰা হয় ৷ অনুষ্ঠানত সাহিত্য, সাংস্কৃতিক আৰু বিভিন্ন খেলৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷ জীয়ৰী-বোৱাৰীৰ লত্তা চ:মান আৰু বিভিন্ন মিচিং নৃত্যৰে মুখৰিত অনুষ্ঠানত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য নৰেশ কুম্বাং, চাংগ আগম কৌবাঙৰ সভাপতি বিনোদ পেগু, সম্পাদক য়োগেচ পামে অংশগ্ৰহণ কৰি মিচিং ভাষা সাহিত্য আৰু সমস্যাৰ সন্দৰ্ভত মন্তব্য কৰে ৷
একেদৰে তেলাম বাংকে মিচিং আগম কৌবাঙৰ উদ্যোগত তেলামৰ ভূপেন হাজৰিকা মুকলি মঞ্চতো বিস্তৃত কাৰ্যসূচীৰে মিচিংসকলৰ 36 সংখ্যক ভাষা স্বীকৃতি দিৱস পালন কৰা হয় ৷ এই দিৱসৰ লগত সংগতি ৰাখি "ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০,মাতৃ ভাষাত শিক্ষাদান" শীৰ্ষক বিষয়ত এলানি আলোচনা চক্ৰও অনুষ্ঠিত হয় ৷ আলোচনা চক্ৰত পশ্চিম জোনাই মহাবিদ্যালয়ৰ অধ্যাপক বীৰেণ পেগু, তেলাম কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ টংকেশ্বৰ মৰাঙকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰ সন্দৰ্ভত আলোকপাত আগবঢ়ায় ৷ অনুষ্ঠানত উপস্থিত থাকি মিচিং আগম কৌবাঙৰ সদস্য তুলাৰাম মৰাঙে মিচিং ভাষাক মাধ্যম হিচাপে স্বীকৃতি দিবলৈ চৰকাৰক দাবী জনাই অহাৰ পাছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷