জোনাই, 28 আগষ্ট : জোনাইৰ মূৰ্কংচেলক উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তত এম জি এন ৰেগা আঁচনি ৰূপায়ণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ শৈল স্পাৰ নিৰ্মাণৰ নামত অহা লাখ লাখ টকা হজম কৰিলে পঞ্চায়ত সভাপতিয়ে ৷ নামমাত্ৰ কাম কৰি লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ উঠিছে ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাজকুমাৰ পাইতৰ বিৰুদ্ধে ৷
জানিব পৰা মতে ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজাখানা নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে এম জি এন ৰেগা’ৰ অধীনত 2021-22 বিত্তীয় বৰ্ষত আৱন্টন দিছিল প্ৰায় 50 লাখ টকা ৷ উক্ত আঁচনিখনৰ কাম ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাজকুমাৰ পাইতে সম্পূৰ্ণ কৰাৰ দায়িত্ব লৈছিল ৷ কিন্তু পঞ্চায়ত সভাপতি ৰাজকুমাৰ পাইতে শৈল স্পাৰ আঁচনি ৰূপায়ণৰ নামত ৰাজাখানা নদীৰ পাৰত কোনো ধৰণৰ তাঁৰৰ নেট নিদিয়াকৈ কিছু অংশত নামমাত্ৰ শিল দিয়ে ৷ পঞ্চায়টোৰ কণিষ্ঠ অভিযন্তাৰ সৈতে মিলি আঁচনিৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷