অসম

assam

ETV Bharat / state

ধেমাজি পলিটেকনিক মহাবিদ্যালয়ত MGNREGA আঁচনি ৰূপায়ণৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ - MGNREGA আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি

জোনাইৰ ধেমাজি পলিটেকনিক মহাবিদ্যালয় চৌহদত MGNREGA আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ( MGNREGA scam at Jonai ) ৷ মহাবিদ্যালয়খনৰ চৌহদৰ আঁচনিসমূহ সঠিক ৰূপায়ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ধেমাজী পলিটেকনিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৷

MGNREGA scam at Jonai in  Dhemaji
জোনাইৰ চিমেন চাপৰিস্থিত ধেমাজি পলিটেকনিক মহাবিদ্যালয় চৌহদত

By

Published : Jun 10, 2022, 1:15 PM IST

জোনাই, 6 জুন: জোনাইৰ চিমেন চাপৰিস্থিত ধেমাজি পলিটেকনিক মহাবিদ্যালয় (Dhemaji Polytechnic college) চৌহদত MGNREGA আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱা বুলি মহাবিদ্যালয়খনৰ অধ্যয়নৰত শিক্ষাৰ্থীসকলে অভিযোগ উত্থাপন কৰে (MGNREGA scam at Jonai ) ৷

MGNREGA আঁচনিৰ দ্বাৰা আবণ্টিত আঢ়ৈ লাখ টকা ব্যয় সাপেক্ষে পলিটেকনিক মহাবিদ্যালয়খনৰ চৌহদত CC Road নিৰ্মাণৰ কথা আছিল যদিও এই পৰ্যন্ত কোনো ধৰণৰ কাম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীসকলে ৷ তেনেদৰে মহাবিদ্যালয়খনৰ খেলপথাৰখন উন্নয়নৰ নামত প্ৰায় 4 লাখ টকা উলিওৱা হৈছে যদিও খেলপথাৰ নিৰ্মাণৰ কোনো কাম এই পৰ্যন্ত আগবঢ়া নাই বুলি শিক্ষাৰ্থীসকলে অভিযোগ উত্থাপন কৰে ৷

ইফালে বিদ্যালয়খনৰ বাগিছা নিৰ্মাণৰ নামটো বৃহৎ দুৰ্নীতি সংঘটিত হৈছে বুলি জনায় শিক্ষাৰ্থীসকলে ৷ যাৰ ফলত মহাবিদ্যালয়খনৰ চৌহদত MGNREGA আঁচনি ৰূপায়ণৰ নামত একাংশ পঞ্চায়ত প্ৰতিনিধি,পঞ্চায়ত কৰ্মচাৰীয়ে একাংশ মধ্যভোগীৰ সৈতে মিলি এনেদৰে লুণ্ঠণৰাজ চলোৱা কাৰ্যৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে শিক্ষাৰ্থীসকলে ৷

লগতে মহাবিদ্যালয়খনৰ চৌহদৰ আঁচনি সমুহ সঠিক ৰূপায়ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ধেমাজী পলিটেকনিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলে ৷ উল্লেখ্য যে, ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ কথা কোৱা চৰকাৰখনৰ দিনতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়ত এনেদৰে MGNREGA আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

লগতে পঢ়ক:একাদশৰ পৰা দ্বাদশলৈ: সকলো শিক্ষাৰ্থীক উত্তীৰ্ণৰ নিৰ্দেশ AHSECৰ

ABOUT THE AUTHOR

...view details