ধেমাজি,10 ছেপ্টেম্বৰ: ধেমাজিত এমজিএনৰেগা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত চলি থকা কেলেংকাৰী সন্দৰ্ভত ধেমাজিত আটাছুৰ সংবাদমেল(ATASU press meet on MGNREGA) ৷ PMAY-G হিতাধিকাৰী বিৰুদ্ধে পৃথকে পৃথকে আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে উন্নয়ন খণ্ডৰ বিষয়াই ৷ শুকুৰবাৰে ধেমাজি প্ৰেছ ক্লাৱত আটাছুয়ে অনুষ্ঠিত কৰা সংবাদমেলত এনে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে ৷ আটাছুৰ সঞ্জীৱ তামুলী নামৰ এগৰাকী লোকে তথ্য জনা অধিকাৰ আইনৰ সহায়ত এই সমস্ত কেলেংকাৰী তথ্য পোহৰলৈ আনে ৷
অভিযোগ মতে চিচিবৰগাঁও উন্নয়ন খণ্ডত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী প্ৰশান্ত কোৱঁৰ ,উন্নয়ন খণ্ডৰ বিষয়া বৰ্ণালী গগৈ আৰু সহযোগী মানস কোঁৱৰৰ ছত্ৰছায়াত সংঘটিত হৈছে বিয়োগোম কেলেংকাৰী ৷ চিচিবৰগাঁৱত PMAYৰ 60 টা আৱাস গৃহ ,ধেমাজিত ৭৮ টা ,বৰদলনি উন্নয়ন খণ্ডত ৪৫টা আৰু মূৰ্কংচেলেক উন্নয়ন খণ্ডত ৪৮ ঘৰ হিতাধিকাৰীৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগে গোচৰ ৰুজু কৰিছে ৷ একেদৰে জোনাই উন্নয়ন খণ্ডত MGNRGA আচঁনিৰ কোনো সামগ্ৰী নেপেলোৱাকৈয়ে সামগ্ৰীৰ পেলোৱাৰ নামত ১৩ কোটি আৰু চিচিবৰগাঁৱত ৯ কোটি লুণ্ঠন কৰাৰ গুৰুতৰ অভিযোগ তুলিছে আটাছুয়ে ৷
ধেমাজি উন্নয়ন খণ্ডৰ অধীনত PMAY-G গৃহৰ নামত অনিয়ম কৰা বিষ্ণুপুৰ পঞ্চায়তৰ সভাপতি আৰু সচিবৰ বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আটাছুৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক পংকজ বৰগোহাঁইয়ে ৷ ইপিনে চিচিবৰগাঁও উন্নয়ন খণ্ডত কাৰ্যালয়ৰ ব্যয়ৰ বাবে অহা ধনৰাশিৰ ভেণ্ডৰ একাউণ্টত সোমাব লাগে যদিও ইয়াৰ বিপৰীতে খণ্ড উন্নয়ন বিষয়াৰ ব্যক্তিগত গাড়ী চালকৰ একাউণ্ট সোমায় বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে আটাছুয়ে ৷