কৰিমগঞ্জঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জতো আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ জিলাখনত সৰ্বমুঠ 11,500 গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে পৰীক্ষাত ৷ পৰীক্ষাৰ বাবে জিলাখনক মুঠ 5 টা জ’নত ভাগ কৰা হৈছে ৷ প্ৰতিটো জ’নতে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে চিচি টিভি কেমেৰা লগোৱা হৈছে ৷
আজিৰে পৰা আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা - ধেমাজিৰ মুঠ ৩৩টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা
12:56 February 10
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে 5টা জ’নত বিভক্ত কৰিমগঞ্জ জিলা
12:47 February 10
ধুবুৰীত শান্তিপূৰ্ণভাৱে আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা
ধুবুৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ জিলাখনৰ মুঠ 36 টা কেন্দ্ৰত 21,024 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে এই পৰীক্ষাত ৷ ইফালে অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ৰূমত চিচি টিভি কেমেৰা সংস্থাপন কৰিবলৈ বুলি এক কঠোৰ নিৰ্দেশনা দিছিল ৷ সেই নিৰ্দেশ অনুযায়ী ধুবুৰী চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰ আৰু ধুবুৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত চিচি টিভি কেমেৰা সংস্থাপন কৰা পৰিলক্ষিত হয় যদিও বিদ্যাপাৰা ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত লগোৱা হোৱা নাই চিচি টিভি কেমেৰা ৷
ইপিনে এই অভিযোগৰ পিচতেই ধুবুৰী চক্ৰ বিষয়া জয় শংকৰ শৰ্মাই পৰীক্ষা কেন্দ্ৰসমূহ পৰ্যবেক্ষণ কৰাৰ পিচত পৰৱৰ্তী পৰীক্ষাৰ পৰা চিচি টিভি কেমেৰা সংস্থাপন কৰা হ’ব বুলি উল্লেখ কৰে ৷ আনহাতে ধুবুৰী চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইদ্ৰিছ আলীয়ে প্ৰতিটো পৰীক্ষা ৰূমত চিচি টিভি কেমেৰা সংস্থাপন কৰা হৈছে বুলি মন্তব্য কৰে ৷
11:55 February 10
গোলাঘাটত কটকটীয়া নিৰীক্ষণৰ মাজত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা
গোলাঘাটঃ আজিৰে পৰা আৰম্ভ হৈছে 2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ গোলাঘাটৰ মুঠ 33 টা পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰীক্ষণৰ মাজত আৰম্ভ হৈছে পৰীক্ষা ৷ জিলাখনত মুঠ 11,759 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ সকলো পৰীক্ষা কেন্দ্ৰত চিচি টিভিৰ ব্যৱস্থা কৰাৰ উপৰিও সু-নিয়োজিত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷ গোলাঘাট জিলাৰ 33 টা পৰীক্ষা কেন্দ্ৰ জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰদলৈ, অতিৰিক্ত উপায়ুক্ত ধীৰাজ দাস আৰু শিক্ষা বিভাগৰ সঞ্চালকৰ নিৰীক্ষণত থাকিব ৷ পৰীক্ষা কেন্দ্ৰসমূহত পৰীক্ষাৰ্থীসকলক কলম প্ৰদান কৰি শুভেচ্ছা জনাই বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে ৷
11:30 February 10
দৰঙত মুঠ 27 টা চেন্টাৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা
দৰংঃ আজিৰে পৰা সমগ্ৰ ৰাজ্যত আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ দৰঙত মুঠ 27 টা চেণ্টাৰত অনুষ্ঠিত হৈছে পৰীক্ষা ৷ কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু নিৰীক্ষণৰ মাজত অনুষ্ঠিত হৈছে পৰীক্ষা ৷ অৱশ্যে দৰঙত কিমান পৰীক্ষাৰ্থী আছে তাৰে কোনো তথ্য নাই জিলা শিক্ষা বিষয়াৰ হাতত ।
10:58 February 10
শিৱসাগৰতো কটকটীয়া নিৰীক্ষণৰ মাজত আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা
শিৱসাগৰঃ সমগ্ৰ ৰাজ্যতে আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ শিৱসাগৰতো ব্যাপক নিৰীক্ষণৰ মাজত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ শিৱসাগৰ জিলাৰ 39 টা কেন্দ্ৰত অনুষ্ঠিত হ’ব লগা পৰীক্ষা কেন্দ্ৰসমূহত এতিয়া ভিৰ কৰিছে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলে ৷ শিৱসাগৰ জিলাত সৰ্বমুঠ 11072 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷
10:33 February 10
মৰাণতো শান্তিপূৰ্ণভাৱে আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা
মৰাণঃ আজিৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা মৰাণতো শান্তিপূৰ্ণভাৱে আৰম্ভ হয় । ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণ ৰামচন্দ্ৰ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়,মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়, খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু শেনচোৱা পুখুৰীত কেন্দ্ৰৰ ২১২৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব । শিক্ষা সংসদৰ নিৰ্দেশ অনুসৰি সকলো ধৰণৰ ব্যৱস্থাৰে পৰীক্ষা কেন্দ্ৰকেইটাত গঢ়ি তোলা হৈছে । প্ৰতিটো কেন্দ্ৰতে নিৰাপত্তাৰক্ষী মোতায়েন কৰা পৰিলক্ষিত হয় ।
এইবাৰ মৰাণ ৰামচন্দ্ৰ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰটোৰ অধীনত মৰাণ পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়তো এটা জ'ন স্থাপন কৰা হৈছে ৷ কেন্দ্ৰটোৰ পৰা এইবাৰ মুঠ ৭৫৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ ইয়াৰে ৩৩৫ গৰাকী পুৰুষ আৰু ৪২২ গৰাকী মহিলা পৰীক্ষাৰ্থী ৷ কেন্দ্ৰটোৰ "এ" জ'ন মৰাণ ৰামচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৮৭ গৰাকী পুৰুষ আৰু ২৩৩ গৰাকী মহিলাসহ মুঠ ৪২০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে "বি" জ'ন মৰাণ পাৱলিক উচ্চ মাধ্যমিক বিদ্যালয়ত ১৪৮ গৰাকী পুৰুষ আৰু ১৮৯ গৰাকী মহিলাসহ মুঠ ৩৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ দুয়োটা জ'নতে প্ৰয়োজনীয় ডেক্স-বেঞ্চ,পৰ্যাপ্ত পোহৰ,খোৱা পানী,অস্থায়ী প্ৰস্বাৱগাৰ-শৌচাগাৰ আদিৰ ব্যৱস্থাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে যাতে পৰীক্ষাৰ্থীয়ে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় ৷
ইপিনে জিলাখনৰ অন্তৰ্গত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এই বৰ্ষত মুঠ ৬২১ গৰাকী ছাত্র-ছাত্রীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব ৷ আনহাতে খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰতো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ কেন্দ্ৰটোৰ পৰা এইবাৰ মুঠ ৫১৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব ৷ ইয়াৰে ২৩৩ গৰাকী পুৰুষ আৰু ২৮৫ গৰাকী মহিলা পৰীক্ষাৰ্থী ৷ খোৱাং শেনচোৱা পুখুৰীত ২৩৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। আনহাতে বিভিন্ন দল-সংগঠনে পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনাই প'ষ্টাৰ-বেনাৰেৰে পৰীক্ষা কেন্দ্ৰৰ চাৰিসীমা ৰঙীণ কৰি তোলা পৰিলক্ষিত হৈছে ৷
10:26 February 10
কটকটীয়া নিৰীক্ষণৰ মাজত বিশ্বনাথৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা
বিশ্বনাথঃৰাজ্যৰ আন আন ঠাইৰ লগতে বিশ্বনাথৰো বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ পুৱাৰে পৰা পৰীক্ষা কেন্দ্ৰসমূহত দেখা গ’ল অভিভাৱকসকলৰ ব্যাপক ভিৰ ৷ পুৱাৰে পৰাই বিশ্বনাথ জিলাৰ পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত দেখা গ‘ল বিভিন্নজনৰ বিভিন্ন ৰূপত শুভেচ্ছাবাণী ৷ কোনোৱে যদি বেনাৰ আকৌ কোনোৱে আকৌ নিজৰ একাডেমীৰ ছাত্ৰ-ছাত্ৰীলৈ পৰীক্ষাৰ্থীসকলক সাহস প্ৰেৰণা দিয়া উদ্দেশ্য এনে ধৰণৰ কিছুমান পদক্ষেপ লোৱা দেখা গ’ল ।
09:30 February 10
ধেমাজিৰ মুঠ ৩৩টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা
ধেমাজিঃআজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ কটকটীয়া নিৰাপত্তা তথা নিৰীক্ষণৰ মাজত এইবেলি সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাত মুঠ ৩৩টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ ধেমাজি জিলাত অৱতীৰ্ণ হৈছে সৰ্বমুঠ ১৩,৫০৮ গৰাকী শিক্ষাৰ্থী ৷ পুৱাই ধেমাজি নগৰৰ সমীপৰ ৰূপনাথ ব্ৰহ্ম হাইস্কুল আৰু ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ পৰীক্ষাৰ্থী সকলক লগত লৈ পৰীক্ষাকেন্দ্ৰলৈ আহিল অভিভাৱকসকল ৷