ধেমাজি, 3 আগষ্ট : 'সদৌ অসম টিউটৰ শিক্ষক সংস্থা' (Tutor Teachers Association)ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সোমবাৰে ধেমাজি আৱৰ্ত ভৱনত উপস্থিত হোৱা ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষা মন্ত্ৰী ৰণোজ পেগু (Education Minister Ranoj Pegu)ক সংস্থাৰ এটি সজাতি দলে সাক্ষাৎ কৰে ৷ টিউটৰ সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰবীন্দ্ৰ বৰগোঁহাই আৰু সহকাৰী সম্পাদক পৰমানন্দ পেগুৱে স্বাক্ষৰিত কৰা এখন স্মাৰকপত্ৰও (Memorandum) প্ৰদান কৰে মন্ত্ৰীগৰাকীক ৷
আমাকো শিক্ষকৰ পদ মৰ্যদা দিয়ক: টিউটৰ শিক্ষক সংস্থা এইক্ষেত্ৰত সংস্থাৰ সভাপতি ৰবীন্দ্ৰ বৰগোঁহাইয়ে কয় যে, চৰকাৰে চলিত বৰ্ষৰ 5 ফেব্ৰুৱাৰীত তেওলোকক টিউটৰ শিক্ষক হিচাপে নিযুক্তি দিয়ে ৷ টিউটৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে যদিও তেওঁলোকৰ সমস্যাৰ অন্ত পৰা নাই ৷ একাংশ অৰ্হতা সম্পন্ন শিক্ষকক টিউটৰ শিক্ষক হিচাপে নিযুক্তি দিয়াৰ পৰিবৰ্তে এইসকল শিক্ষকৰ চাকৰি শীঘ্ৰেই চৰকাৰী কৰণ কৰিবলৈ শিক্ষামন্ত্ৰীক দাবী জনাইছে ৷
আমাকো শিক্ষকৰ পদ মৰ্যদা দিয়ক: টিউটৰ শিক্ষক সংস্থা লগতে পঢ়ক -আমছুত সংঘাত : এমাহৰ পিছত নাথাকিব নেকি ৰেজাউল কৰিমৰ আমছু ?
চৰকাৰক পদমৰ্যদা অনুসৰি বিদ্যালয়সমূহত টিউটৰ শিক্ষক নিযুক্তি দিবলৈ দাবী জনায় ৷ লগতে চৰকাৰী বিদ্যালয়সমূহত যিদৰে বিভিন্ন খেলা ধূলা আনুষংগিক সামগ্ৰী দিয়াৰ ব্যৱস্থা কৰিছে, ঠিক একেদৰে টিউটৰ শিক্ষক থকা বিদ্যালয়সমূহতো সকলো সা-সুবিধা প্ৰদান কৰিবলৈ শিক্ষামন্ত্ৰীগৰাকীক আহ্বান জনায় ৷ ইতিমধ্যে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ কেইবাগৰাকী টিউটৰ শিক্ষক মৃত্যুমুখতো পৰিব লগা হৈছে ৷
যিসকল নিযুক্তিপ্ৰাপ্ত টিউটৰ শিক্ষকৰ ইতিমধ্যে মৃত্যু হৈছে অথবা অৱসৰ গ্ৰহন কৰিছে, সেই সকল টিউটৰ শিক্ষকক চৰকাৰে পূৰ্বে ঘোষণা কৰা 10 লাখ (দহ লাখ) টকাৰ আৰ্থিক সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিবলৈকো শিক্ষামন্ত্ৰীক স্মাৰকপত্ৰৰ জৰিয়তে দাবী জনাইছে ৷ অৱশ্যে চৰকাৰৰ সিদ্ধান্ত অনুসৰি টিউটৰ শিক্ষকসকলৰ দাবী সমূহ শিক্ষামন্ত্ৰীগৰাকীয়ে বিবেচনা কৰাৰ আশ্বাস দিয়া বুলি সাংবাদিকৰ আগত মন্তব্য কৰে টিউটৰ শিক্ষকসকলৰ সজাঁতি দলটোৱে ৷
লগতে পঢ়ক -হোজাইত অব্যাহত HSLC ৰ ফলাফল বিতৰ্ক