অসম

assam

ETV Bharat / state

Session of AABYSF: সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠন - Meeting of AABYSF at Dhemaji

ধেমাজি জিলাৰ চিলাপথাৰৰ ভৈৰৱপুৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় আৰু ধেমাজি জিলা সমিতিৰ যৌথ অধিৱেশনৰ আয়োজন । এই উপলক্ষে ভৈৰৱপুৰ নেতাজী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত ৰাজহুৱা সভাত গঠন কৰা হৈছে অভ্যৰ্থনা সমিতি (Bhairabpur Netaji Middle English School)।

All Assam Bengali Youth Students Federation
সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন

By

Published : Feb 25, 2023, 10:47 PM IST

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন

জোনাই, ২৫ ফেব্ৰুৱাৰী:সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা শুকুৰবাৰে ভৈৰৱপুৰ নেতাজী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় (All Assam Bengali Youth Students Federation)। সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ উপদেষ্টা অজয় চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক বিজয় চন্দ্ৰই । এই সভাত উপস্থিত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে'ই কয় যে অসমৰ বাঙালী সকলৰ বিভিন্ন জাতীয় সমস্যাসমূহ সমাধানৰ বাবে প্ৰতিষ্ঠা কালৰে পৰাই অহোপুৰুষাৰ্থ কৰি আহিছে (Meeting of All Assam Bengali Youth Students Federation)। তেওঁ কয় যে বাঙালীসকলে সকলো জাতি-জনগোষ্ঠীৰ সৈতে সহৱস্থান কৰি অসমৰ উন্নয়নৰ বাবে চিন্তা কৰি আহিছে ।

ৰাজহুৱা সভাখনত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয় যে অসমৰ বাঙালী সমাজে ৰাজ্যখনৰ অৰ্থনৈতিক ভেঁটি নিৰ্মাণত নিৰলসভাৱে কাম কৰি আহিছে (Bodo Kachari Welfare Autonomous Council)। তেওঁ পুনৰ কয় যে বাঙালী সকলৰ নিজস্ব পৰিচয় শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ লগতে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত ঐক্য, শান্তি আৰু বিকাশৰ বাবেও অভূতপূৰ্ব অৰিহণা যোগাই আহিছে । বাঙালী সকলৰ আত্মনিয়ন্ত্ৰণৰ বাবে চলোৱা সংগ্ৰামখন যাতে অধিক শক্তিশালী আৰু জনখুমী হয় তাৰ বাবে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে সৱল নেতৃত্ব বহন কৰিব লাগিব বুলি তেওঁ মন্তব্য় আগবঢ়ায় ।

এই সভাখনত ইউবিপিঅ'ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় যে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে অসমৰ বাঙালী সমাজক ঐক্যবদ্ধ কৰি জাতিটোৰ সৰ্বতো প্ৰকাৰৰ উন্নয়ন,অস্তিত্বৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে বলিষ্ঠভাৱে ভূমিকা পালন কৰি আহিছে (Meeting of AABYSF at Dhemaji)। তেওঁ ভিন্ন সময়ত বিভিন্ন সমস্যা সমাধানৰ বাবে দেশত গঢ়ি উঠা আন্দোলনত বাঙালী সকলে নেতৃত্ব প্ৰদান কৰি আহিছে বুলি মন্তব্য় কৰি দেশৰ শৈক্ষিক, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰখনত বাঙালী সকলৰ যথেষ্ঠ অৱদান আছে বুলি কয় । সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় আৰু ধেমাজি জিলা সমিতিৰ যৌথ অধিৱেশনৰ বাবে ইউবিপিঅ'ৰ তৰফৰ পৰা এসাঁজ ভাতৰ যোগান ধৰিব বুলি ঘোষণা কৰে ।

গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোণোৱাল, ধেমাজি জিলা ভোজপুৰী পৰিষদৰ সাধাৰণ সম্পাদক দেবানন্দ সিং,তিনিচুকীয়া জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি অজিত দেৱনাথ প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তিয়ে ভাষণ আগবঢ়ায় । সভাখনত সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী নেতা,ধেমাজি জিলা সমিতিৰ সভাপতি বিপ্লৱ দাস,কাৰ্য্যকৰী সভাপতি ধৰ্মেন্দ্ৰ দাস,সাধাৰণ সম্পাদক গোবিন্দ মণ্ডল,মাজৰবাৰী, ভৈৰৱপুৰ আদি কেবাখনো আঞ্চলিক সমিতিৰ বিষয়ববীয়া, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, ধেমাজি জিলা পৰিষদৰ সদস্যা সোভাৰাণী বসুমতাৰী, ইউবিপিঅ'ৰ উপাধ্যক্ষ জোনাৰাম ব্ৰহ্ম,কোষাধ্যক্ষ বিষ্টিৰাম নাৰ্জাৰী, ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী উপস্থিত হয় ।

ৰাজহুৱা সভাখনতে জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুক সভাপতি, মলেন্দ্ৰ নাৰ্জাৰীক কাৰ্যকৰী সভাপতি,উত্তম দাস,তোলন সোণোৱাল,প্ৰতাপ চন্দ্ৰ টায়েক উপ সভাপতি, দেৱজিৎ দাসগুপ্তাক সাধাৰণ সম্পাদক, ধৰ্মেন্দ্ৰ দাস,সুজিত হাজঙক যুটীয়া সম্পাদক, দেবানন্দ সিং,শুকুল দাসক সহকাৰী সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয় । সমিতিখনত সাংসদ প্ৰদান বৰুৱাক মুখ্য পৃষ্ঠপোষক,বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস,বিজনিৰ বিধায়ক অজয় ৰয়,হোজাইৰ বিধায়ক ৰামকৃঞ্চ ঘোষ,ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক প্ৰদীপ ৰঞ্জন কৰক পৃষ্ঠপোষক,সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে,কাৰ্যকৰী সভাপতি নিৰ্মলকান্তি শীল,সাধাৰণ সম্পাদক বিজয় চন্দ্ৰক মুখ্য উপদেষ্টা,সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উপদেষ্টা অজয় চক্ৰৱৰ্তী, মৰিগাঁৱৰ বিশিষ্ট সমাজকৰ্মী ৰামপ্ৰসাদ সৰকাৰক উপদেষ্টা মনোনীত কৰা হয় ।

এই সভাতে প্ৰহ্লাদ পালক সম্পাদক,সনসিং ব্ৰহ্ম,সঞ্জয় দাস,সন্তোষ সৰকাৰক সদস্য হিচাপে লৈ বিত্ত,বিজয় দাসক সভাপতি, সঞ্জয় নাথক সম্পাদক, শম্ভু দাস,মানিক নাথক সদস্য হিচাপে লৈ প্ৰচাৰ উপ সমিতি গঠন কৰা হয় । সভাই সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় আৰু ধেমাজি সমিতিৰ আগন্তুক যৌথ অধিৱেশনখন ধেমাজি জিলাৰ চিলাপথাৰৰ ভৈৰৱপুৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক:Congress plenary session: নিখিল কংগ্ৰেছৰ 85 সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ আজি দ্বিতীয় দিন

ABOUT THE AUTHOR

...view details