অসম

assam

ETV Bharat / state

ধেমাজিত ধঁপাতৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন - etv bharat

ধেমাজিক ধঁপাতমুক্ত জিলা বনোৱাৰ প্ৰয়াস

By

Published : May 31, 2019, 11:43 AM IST

Updated : May 31, 2019, 1:58 PM IST

2019-05-31 09:29:17

ধঁপাত আইনৰ সকলো নিয়ম মানি চলিবলৈ দৃঢ় প্ৰতিজ্ঞ এই বিভাগটো । এই দিৱসৰ লগত সংগতি ৰাখি বিভাগটোৱে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰিছে ।

ধেমাজি , 31 মে': আজি বিশ্ব ধঁপাত বিৰোধী দিৱস । এই দিনটোতে ধেমাজি জিলাক ধঁপাতমুক্ত কৰাৰ বাবে ধেমাজি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ অধীনৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষে ধঁপাতৰ বিৰুদ্ধে ব্যাপক সজাগতা অনাৰ বাবে প্ৰয়াস কৰিছে বিভাগটোৱে । 

ধঁপাত আইনৰ সকলো নিয়ম মানি চলিবলৈ দৃঢ় প্ৰতিজ্ঞ এই বিভাগটো । এই দিৱসৰ লগত সংগতি ৰাখি বিভাগটোৱে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰিছে । আনহাতে, এই আইনৰ অধীনত বিভাগটোৱে ইতিমধ্যে জিলাখনৰ চিলাপথাৰ আৰু গোগামুখত অভিযান চলাই কেইবা হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ নৰ্ডেল বিষয়া ডা: যোগেন দাসে ।


ধঁপাত নিষিদ্ধ আইন ২০০৩ অনুসৰি, যিকোনো ব্যক্তিয়ে ৰাজহুৱা স্থানত ধুমপান কৰিলে জৰিমনা ভৰাৰ লগতে বিদ্যালয়ৰ চৌহদৰ ১০০ মিটাৰ ভিতৰত যিকোনো ধঁপাত ব্যৱসায়ীয়ে অৱস্থান কৰিলে জৰিমনাৰ সন্মুখীন হ'ব লাগে । 

Last Updated : May 31, 2019, 1:58 PM IST

ABOUT THE AUTHOR

...view details