জোনাই, 27 জুলাই : দেশত ক'ভিড-19 ৰ সংহাৰ অব্যাহত থকাৰ মাজতে সোমবাৰে ধেমাজি জিলাৰ জোনাইত শতাধিক ৰাইজে ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ জোনাই ষ্টেট বেংকৰ শাখা পৰিচালক পংকজ কুমাৰ সিঙক শীঘ্ৰে বদলি কৰাৰ দাবীত শতাধিক গ্ৰাহকে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
জোনাইত বেংকৰ শাখা পৰিচালকক বদলিৰ দাবীত গ্ৰাহকৰ প্ৰতিবাদ অভিযোগ অনুসৰি,ষ্টেট বেংকৰ জোনাই শাখাৰ পৰিচালক পংকজ কুমাৰ সিঙে বহু দিনৰ পৰা সাধাৰণ গ্ৰাহকৰ উপৰিও জেষ্ঠ্য নাগৰিককো বিভিন্ন সময়ত দু-ব্যৱহাৰ কৰি আহিছে ৷ ইফালে,অসমীয়া বুজি নোপোৱা শাখা পৰিচালক পংকজ সিঙে গ্ৰাহকে অসমীয়া ভাষা ব্যৱহাৰ কৰিলে বেংকৰ পৰা উলিয়াই দিয়াৰো অভিযোগ উখাপন হৈছে ।
আনহাতে,প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ নামত প্ৰকৃত খেতিয়কক ঋণ প্ৰদান কৰিবলৈ বিত্তিয় প্ৰতিষ্ঠান সমূহলৈ চৰকাৰে বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে যদিও জোনাই ষ্টেট বেংকৰ শাখা পৰিচালক পংকজ কুমাৰ সিঙে লোন দিয়াৰ নামত যাৱতীয় নথিপত্ৰ বিচাৰি চুড়ান্ত খেলিমেলিৰ সৃষ্টি কৰাৰ অভিযোগ উখাপন হৈছে ৷ যাৰ ফলত শাখা পৰিচালক পংকজ কুমাৰ সিঙৰ বিৰুদ্ধে সোমবাৰে জোনাইবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইফালে,প্ৰতিবাদৰ অন্তত গ্ৰাহক ৰাইজে ষ্টেট বেংকৰ জোনাই শাখাৰ পৰিচালক পংকজ কুমাৰ সিঙক বদলিৰ দাবী তুলি জোনাই মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশৰ জৰিয়তে ষ্টেট বেংকৰ ডিব্ৰুগড়ৰ ডি.জি.এম আৰু ইটানগৰৰ এ.জী.এমলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : জোনাইত বান পৰিস্থিতি পৰিদৰ্শন গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেৰ