জোনাই, ৬ আগষ্ট : ধেমাজি জিলাৰ জোনাই মহকুমাত কৃষি কৰ্মৰ লগত জড়িত লোক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে জোনাই মহকুমা ছাত্ৰ সন্থাই জোনাই কৃষি কাৰ্যালয়ত তলাবন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জোনাই মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি কৃষিভূমি নষ্ট হোৱাৰ লগতে বহুতো লোকৰ ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি সাধন হৈ আহিছে ৷ কিন্তু পৰিতাপৰ বিষয় যে, জোনাই মহকুমাত কৃষি কাৰ্যালয় থকাৰ পিচতো এই কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে কাৰ্যালয়ত উপস্থিত নাথাকি কৃষি কৰ্মৰ লগত জড়িত লোকসকলক বিভিন্ন সুবিধাৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ উখাপন হৈ আহিছে ৷
ইয়াৰ উপৰিও কৃষকসকলক উন্নত মানৰ বীজ, সাৰ আৰু কীটনাশক দ্ৰব্য যোগান ধৰাত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উখাপন হৈ আহিছে ৷ অসম চৰকাৰৰ এনে কাৰ্যৰ প্ৰতি লক্ষ্য ৰাখি জোনাই মহকুমা ছাত্ৰ সন্থাই কৃষক সকলৰ বাবে বিভিন্ন কৃষি সামগ্ৰীৰ লগতে ৰবি শস্যৰ পৰ্যাপ্ত পৰিমাণৰ বীজ, ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য সমূহ যোগান ধৰিবলৈ আজিৰ এই তলাবন্ধ কাৰ্যসূচীৰ জৰিয়তে দাবী জনায় ৷ লগতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জোনাই মহকুমাৰ অন্তৰ্গত সাধাৰণ কৃষি কৰ্মত জড়িত লোক সকলৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ উপৰিও কৃষক সকলক 80 শতাংশ সুবিধা প্ৰদান কৰাৰ দাবী উখাপন কৰে ৷ লগতে, কৃষি কাৰ্যালয়ৰ কৰ্মচাৰী সকলক তদন্ত কৰি উচিত শান্তি প্ৰদান কৰিবলৈ জোনাই মহকুমা ছাত্ৰ সন্থাই দাবী জনায় ৷