জোনাই, 10 অক্টোবৰ :বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী তিনিখনকৈ আইন গৃহীত কৰাৰ প্ৰতিবাদত শনিবাৰে জোনাইৰ মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু শাখা সংগঠনৰ সমূহৰ সহযোগত ৰাংকপ তিনিআলিত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ উপ-সভাপতি বিজয় পেগু, মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি সঞ্জয় পেগু, মুৰ্কংচেলেক ব্লক যুৱ কংগ্ৰেছৰ হিতেশ পেগু,অসম প্ৰদেশৰ জিলা যুৱ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক বিজু পেগু লগতে শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে কৃষক বিৰোধী তিনিখনকৈ আইন গৃহীত কৰাৰ প্ৰতিবাদত অংশ লয় ।