অসম

assam

ETV Bharat / state

ঘৰত কোনো নথকাৰ সুযোগ লৈ ধেমাজিত দুস্কৃতিকাৰীৰ অগ্নিসংযোগ

ধেমাজিত ভয়ংকৰ অগ্নিকাণ্ড ৷ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ যোৱাৰ সময়ত দুস্কৃতিকাৰীয়ে ঘৰত অগ্নিকাণ্ড সংঘটিত কৰাৰ অভিযোগ পৰিয়ালৰ ৷

Massive Fire In Dhemaji District Jonai
ঘৰত কোনো নথকাৰ সুযোগ লৈ ধেমাজিত দুস্কৃতিকাৰীৰ অগ্নিসংযোগ

By

Published : Oct 17, 2020, 3:43 PM IST

জোনাই, 17 অক্টোবৰ :ধেমাজি জিলাৰ জোনাইত 16 অক্টোবৰৰ দিনা মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টি এম পি কে 49 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ দুস্কৃতিকাৰীয়ে জ্বলাই দিয়াৰ সন্দেহ কৰিছে এটা পৰিয়ালৰ বাসগৃহ

ঘৰত কোনো নথকাৰ সুযোগ লৈ ধেমাজিত দুস্কৃতিকাৰীৰ অগ্নিসংযোগ

জানিব পৰা মতে, জোনাইৰ গালীঘাটৰ মুণমুনি জীয়াধল গাঁৱত শুকুৰবাৰে নিশা প্ৰায় 8 বজাত টি এম পি কে প্ৰতিষ্ঠা দিৱস উপলক্ষে চলি থকা সাংস্কৃতিক সন্ধিয়া গাঁওখনৰ ৰাইজে উপভোগ কৰি থকাৰ সময়তে গাঁওখনৰ তথা মিচিং মিমাগ কেবাং গালি আঞ্চলিক সমিতিৰ সদস্য ভাইটি দলেৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনোবা দুস্কৃতিকাৰীয়ে জ্বলাই দিয়াৰ সন্দেহ কৰিছে । ইফালে, গাঁওখনৰ ৰাইজে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি থকাৰ ফলত ঘৰখনৰ কোনো সামগ্ৰী উলিয়াব নোৱাৰাত সকলো সা- সম্পত্তি জাহ যায় জুইত ।

লগতে পঢ়ক :মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ মহাক্ষয়ৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

ABOUT THE AUTHOR

...view details