জোনাই ২০ জুলাই :শেহতীয়াকৈ অসমৰ প্ৰতিখন জিলাতে বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল (Floods affects Assam)। বান পৰিস্থিতি বৰ্তমান উন্নত হৈছে । কিন্তু যোৱা কিছুদিন ধৰি কোনো কোনো জিলাত ধাৰাষাৰ বৰষুণ হোৱা দেখা গৈছে । যাৰ বাবে পুনৰ সেই অঞ্চলৰ ৰাইজ বান পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে । ইফালে গৰাখহনীয়াৰ সমস্যাইও কোনো কোনো স্থানত আতংকৰ সৃষ্টি কৰিছে ।
ধেমাজি জিলাত যোৱা দুদিন ধৰি হৈ থকা বৰষুণৰ ফলত ঠায়ে ঠায়ে খহনীয়াই ভয়ংকৰ ৰূপ লৈছে (Erosion in Dhemaji)। বিশেষকৈ জোনাই সদৰত খহনীয়াই কালৰূপ ধাৰণ কৰিছে । সদৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পথত বৃহত্তৰ বেৰা চাপৰি অঞ্চল ।
জোনাই সদৰৰ পৰা বাহিৰ জোনাই, লুহিজান-ৰুহিতপুৰ দেউৰী হৈ বৃহত্তৰ বেৰা চাপৰি অঞ্চলৰ প্ৰায় ২০ খনৰো অধিক গাঁৱলৈ যোৱা একমাত্র গড়কাপ্তানি পথৰ কেইবা ঠাইতো বৰষুণৰ পানীয়ে খহনীয়াৰ সৃষ্টি কৰিছে । পথটোৰ কেইবাটাও অংশ খহাই নিয়াত যিকোনো মুহূৰ্তত পথটো সম্পূৰ্ণ খহি যোৱাৰ উপক্ৰম হৈছে ।