অসম

assam

ETV Bharat / state

জীয়াঢলৰ বানত বিধ্বস্ত ধেমাজিৰ যাতায়ত ব্যৱস্থা - বাঢ়নী পানী

ধেমাজিত জীয়াঢলৰ বানে বিধ্বস্ত কৰিছে কেইবাটাও অঞ্চলৰ ব্যস্ত বাট-পথকে ধৰি পকী দলং ৷

massive effect of flood in dhemaji
massive effect of flood in dhemaji

By

Published : Jun 17, 2020, 1:52 PM IST

ধেমাজি, 17 জুনঃবাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ধেমাজিৰ বহু অঞ্চলত ৷ ইতিমধ্যে জীয়াঢলৰ বানত বিধ্বস্ত হৈছে কেইবাটাও অঞ্চলৰ বাট-পথ ৷ বাঢ়নী পানীয়ে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাৰ লগতে, কেইবাটাও গুৰুত্বপূৰ্ণ নৱ নিৰ্মিত পথ বিধ্বস্ত কৰিছে ৷

সদ্য নিৰ্মিত পকী দলং এখনৰো এটা অংশ খহাই নিছে বাঢ়নী পানীয়ে

15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জীয়াঢল ৰে'লৱে ষ্টেচনলৈ যোৱা পথটোৰ দুটা অংশ ইতিমধ্যে বিচ্ছিন্ন কৰিছে বাঢ়নী পানীয়ে ৷ ফলত পথৰ মাজতে সৃষ্টি হৈছে বৃহৎ গাঁতৰ ৷ অনুৰূপভাৱে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শালমাৰীলৈ যোৱা আন এটা সদ্য নিৰ্মিত পথৰ পকী দলং এখনৰো এটা অংশ খহাই নিছে বাঢ়নী পানীয়ে ৷ ফলত এতিয়া বিস্তৰ অঞ্চলটোৰ লোকৰ যাতায়াতৰ ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷

জীয়াঢলৰ বানত বিধ্বস্ত ধেমাজিৰ কেইবাটাও অঞ্চলৰ যাতায়াতৰ ব্যৱস্থা

লগতে পঢ়কঃবৰপেটাত এসপ্তাহে বন্ধ পানীৰ যোগান

ABOUT THE AUTHOR

...view details