অসম

assam

By

Published : Dec 17, 2019, 10:10 AM IST

ETV Bharat / state

জোনাইত সংশোধীত নাগৰিকত্ব আইনৰ বিৰুদ্ধে 3 সহস্ৰাধিক ৰাইজৰ গণ সত্যাগ্ৰহ

30 টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত জোনাইত গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল সমগ্ৰ জোনাই ৷

mass satyagraha
ৰাইজৰ গণ সত্যাগ্ৰহ

জোনাই , 17 ডিচেম্বৰঃ চি(এ)এ বিৰুদ্ধে সৰ্বত্ৰে আন্দোলন অব্যাহত থকাৰ সময়তে সোমবাৰে সমগ্ৰ ৰাজ্যজুৰি সত্যাগ্ৰহ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ জোনাই মহকুমা, জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু 30 টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আৰু সমূহ জোনাইবাসীৰ সহযোগত এই গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ সমাজৰ জ্যেষ্ঠ, শিল্পীৰ লগতে সকলো দল সংগঠনে জাতি ধৰ্ম নিৰ্বিশেষে স্বতঃফূৰ্তভাৱে ওলাই আহি জোনাইত সংশোধীত নাগৰিকত্ব আইনৰ বাতিল কৰাৰ দাবীত এই বৃহৎ গণ সত্যাগ্ৰহ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ।

সংশোধীত নাগৰিকত্ব আইনৰ বিৰুদ্ধে 3 সহস্ৰাধিক ৰাইজৰ গণ সত্যাগ্ৰহ

জোনাইৰ টাউন ক্লাৱত তিনিসহস্ৰাধিক ৰাইজ সমবেত হৈ জোনাই বজাৰৰ পৰা মহকুমাধিপতি কাৰ্যালয়ৰ সমুখেদি এক সমদল কৰি ৰাংকপ তিনিআলিলৈকে গণ সত্যাগ্ৰহ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইয়াৰোপৰিও প্ৰতিবাদী ৰাইজে এঘন্টা ধৰি পথ আৱৰোধ কৰে ৷ লগতে তেওঁলোকে 'সৰ্বানন্দৰ কাম নাই' , 'হিমন্ত বিশ্ব লেই লেই চেই চেই' , 'নৰেন্দ্ৰ মোডী মুৰ্দাবাদ' , 'সৰ্বা তুমি মিছলিয়া' আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । উল্লেখ্য যে, পুৱা 6 বজাৰ পৰা জিলাখনত দোকান পোহাৰৰ লগতে যান বাহনৰ চলাচল আৰম্ভ হৈছিল যদিও দুপৰীয়া 12 বজাৰ লগে লগে পুনৰ সম্পূৰ্ণভাৱে বন্ধ হৈ পৰে সম্পূৰ্ণ জোনাই অঞ্চল ৷

লগতে পঢ়ক - নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ অসম ৰাজ্যিক জমিয়তৰ

ABOUT THE AUTHOR

...view details