ধেমাজি, 26 ডিচেম্বৰ:সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ল শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ ৷ যোৱা ২৪ ডিচেম্বৰত শ্ৰীনগৰৰ গাণ্ডাৰৱাল জিলাত কৰ্তব্যৰত অৱস্থাত সন্ত্ৰাসবাদীৰ গ্ৰেনেড বিস্ফোৰণত মৃত্যুক সাৱটি লৈছিল চিচিবৰগাঁৱৰ গেলুৱা আদৰ্শ গাঁৱৰ বীৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াই ৷ শনিবাৰে দুপৰীয়া প্ৰায় 12 বজাত তেওঁৰ নশ্বৰ দেহ পায়হি গেলুৱাস্থিত বাসগৃহত ৷
ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ - সামৰিক মৰ্যাদা
শনিবাৰে দুপৰীয়া প্ৰায় 12 বজাত চিচিবৰগাঁৱৰ গেলুৱা আদৰ্শ গাঁৱৰ বীৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নিশ্বৰ দেহ পায়হি নিজ গাঁৱত ৷ সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় শ্বহীদগৰাকীৰ ৷
শেষকৃত্য সম্পন্ন শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ
বীৰ জোৱানগৰাকীৰ মৃতদেহ নিজ গৃহ পোৱাৰ পাচতে CRPF ৰ মহাপৰিদৰ্শক সুভাকৰ উপাধ্যায়, অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জিতমল দলে, ধেমাজি জিলাৰ উপায়ুক্ত নৰসিংহ পাৱাৰ, আৰক্ষী অধীক্ষক ডঃ ধনঞ্জয় পি ঘনাৱটকে ধৰি CRPF, অসম আৰক্ষী আৰু জিলা প্ৰশাসনৰ বহু উচ্চ পদস্থ বিষয়াৰ লগতে ভিন্ন দল-সংগঠনৰ লোকে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শূন্যলৈ 21 জাঁই গুলী নিক্ষেপ কৰি শোকাকূল পৰিৱেশৰ মাজেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় বীৰ জোৱান গৰাকীৰ ৷