অসম

assam

ETV Bharat / state

ধেমাজিত সাংবাদিকক আক্ৰমণ কৰা ঘটনা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ

ক্ষীপ্ৰতাৰে কাম কৰাত আৰক্ষী ব্যৰ্থ হৈছে আৰক্ষী -ভুক্তভোগী সাংবাদিক ৷ ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ত মঙলবাৰে তদন্তকাৰী বিষয়াই নিৰ্যাতিত সাংবাদিক বনমালী মহন্তৰ ভাষ্য গ্ৰহণ কৰে ৷

dhemaji
সাংবাদিক বনমালী মহন্ত

By

Published : Nov 26, 2019, 8:31 PM IST

ধেমাজি, 26 নৱেম্বৰঃধেমাজি জিলাৰ চিচিবৰগাঁও আৰক্ষী চকীত সাংবাদিক আক্ৰমণৰ ঘটনাৰ বাবে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে ৷ এই সন্দৰ্ভত মঙলবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ত তদন্তকাৰী বিষয়াই নিৰ্যাতিত সাংবাদিক বনমালী মহন্তৰ ভাষ্য গ্ৰহণ কৰে ৷

ধেমাজিত সাংবাদিকক আক্ৰমণ কৰা ঘটনা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ
উল্লেখ্য যে ঘটনাৰ উচিত তদন্ত দাবী কৰি জিলা সাংবাদিক সংস্থাই জিলা উপায়ুক্তক দিয়া আবেদনৰ ভিত্তিত দণ্ডধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে ৷ ইপিনে নিৰ্যাতনৰ বলি হোৱা সাংবাদিক গৰাকীয়ে অভিযোগ কৰা মতে ঘটনাৰ এপষেক অতিক্ৰম কৰাৰ পিচতো আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰিব পৰা নাই ৷ ক্ষীপ্ৰতাৰে কাম কৰাত আৰক্ষী ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে তেওঁ ৷ সেয়ে সকলো তদন্ত নিৰপেক্ষভাৱে হোৱাটো আশা কৰিছে ভুক্তভোগী সাংবাদিক গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details