অসম

assam

ETV Bharat / state

Communication problems in Jonai : ৰাইজৰ সুবিধাৰ্থে মিচিং স্বায়ত্ব শাসিত পৰিষদে প্ৰদান কৰিলে দুখন নাও - ৰাইজৰ সুবিধাৰ্থে মিচিং স্বায়ত্ব শাসিত পৰিষদে প্ৰদান কৰিলে দুখন নাও

জোনাইৰ সীমান্তৰ কেমি, ঐৰামঘাট আদি কেইবাখনো গাঁৱৰ ৰাইজৰ দীৰ্ঘদিনীয়া এক সমস্যাত কিছু সকাহ । মিচিং স্বায়ত্ব শাসিত পৰিষদে চিলে নৈত যাতায়তৰ সুবিধাৰ বাবে দুখন নাও প্ৰদান কৰিলে (MAC provides two boat)। বছৰ বছৰ ধৰি বিপদসংকুলভাৱে নৈৰ মাজেৰে জোনাইলৈ যাত্ৰা কৰি আহিছে ৰাইজে ।

Communication problems in Jonai
ৰাইজৰ সুবিধাৰ্থে মিচিং স্বায়ত্ব শাসিত পৰিষদে প্ৰদান কৰিলে দুখন নাও

By

Published : Jul 27, 2022, 11:16 AM IST

জোনাই, ২৭ জুলাই :অসম-অৰুণাচল সীমান্ত জোনাইৰ বহু স্থানৰ ৰাইজে দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । যাতায়তৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈ আহিছে সীমান্তৰ কেমি, ঐৰামঘাট আদি অঞ্চলৰ ৰাইজ (Communication problems in Assam and Arunachal border)। কেইবাখনো গাঁৱৰ ৰাইজৰ লগতে কণ কণ শিক্ষাৰ্থীসকলে বিপদসংকুলভাৱে এবুকু পানীৰ মাজেৰে নিতৌ চিলে নৈ পাৰ হ'বলগীয়া হয় । বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত অতি পিছপৰি আছে অঞ্চলত ।

সেয়ে সেই অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে আগবাঢ়ি আহিল মিচিং স্বায়ত্ব শাসিত পৰিষদ (MAC initiative for public of Jonai border area)। ৰাইজ তথা শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে পৰিষদৰ তৰফৰ পৰা চিলে নদীত দুখনকৈ নাও আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । উক্ত নাও দুখন মঙলবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চয়েঙীয়াই (MAC provides two boat)।

ৰাইজৰ সুবিধাৰ্থে মিচিং স্বায়ত্ব শাসিত পৰিষদে প্ৰদান কৰিলে দুখন নাও

উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, ৰাজু মেদক, পূৱ জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগুৰ লগতে স্থানীয় ৰাইজ । ইফালে চিলে নদীত সাময়িকভাৱে হ'লেও এনেদৰে দুখন নাও মিচিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা আৱন্টন দিয়াত কিছু সকাহ পোৱা বুলি উল্লেখ কৰে সীমান্তৰ ৰাইজে ।

উল্লেখ্য যে, জোনাই সীমান্তৰ কেমি, ঐৰামঘাটকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে জোনাই সদৰলৈ যাবলৈ চিলে নদী পাৰ হ'ব লাগে । বিপদসংকুলভাৱে এনেদৰে পাৰ হোৱাৰ উপৰিও অসমৰ ভূমিত কোনোধৰণৰ বিকল্প পথ নথকাত প্ৰায়ে অৰুণাচলৰ ভূমিৰে জোনাইলৈ আহিবলগীয়া হয় ৰাইজ ।

লগতে পঢ়ক :Har Ghar Tiranga: ভাৰত-চীন সীমান্তত তিৰংগা বিতৰণ সশস্ত্ৰ সীমা বলৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details