অসম

assam

ETV Bharat / state

লক ডাউনঃ চিত্ৰশিল্পী হ'লগৈ ভাস্কৰ্যশিল্পী ! - অসম চৰকাৰ

লক ডাউনে সলনি কৰিলে চিত্ৰশিল্পীৰ জীৱন সংগ্ৰাম পথ । ছবিৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি চিত্ৰ শিল্পীয়ে ইতিমধ্যে নিৰ্মাণ কৰিলে চাৰিটাকৈ বিশাল আকাৰৰ ড্ৰেডনৰ মূৰ্ত্তি ।

Locked Down Changed Artist Life Style At Dhemaji
লক ডাউনঃ চিত্ৰশিল্পী হ'ল গৈ ভাস্কৰ্যশিল্পী !

By

Published : Jun 28, 2020, 3:31 PM IST

ধেমাজি, 28 জুনঃলক ডাউনৰ বাবে ধেমাজি নগৰত চিত্ৰশিল্পী সূৰ্য বৰুৱাই সলনি কৰিলে জীৱন সংগ্ৰামৰ পথ ৷ ঐতিহাসিক পশ্চিম ধেমাজিৰ হাবুঙত শিল্পী গৰাকীয়ে নিজৰ সৃষ্টৰাজিৰে দাঙি ধৰিলে ভাস্কৰ্য শিল্পীৰ আন এক নিদৰ্শন ।

লক ডাউনে সলনি কৰিছে বহুজনৰ জীয়াই থকা সংগ্ৰামৰ পথ । ধেমাজিৰ এগৰাকী উদীয়মান চিত্ৰশিল্পীৰ জীৱন জীৱিকা সলনি কৰিলে লক ডাউনে । পেছাত চিত্ৰশিল্পী সূৰ্য বৰুৱাই ধেমাজি নগৰত লক ডাউনৰ বাবে ছবিৰ ব্যৱসায়ৰ প্ৰতিষ্ঠান "ৰং" বন্ধ কৰি গাঁৱলৈ ঘৰমুৱা হয় । শিল্পী সূৰ্য্য বৰুৱাই ঘৰৰ সমীপৰ হাবুঙত বিচাৰি পালে জীয়াই থকা নতুন পথ । টাই আহোমৰ পঞ্চমখন ৰাজধানী ঐতিহাসিক পশ্চিম ধেমাজিৰ হাবুঙত শিল্পী গৰাকীৰে নিজৰ সৃষ্টিৰাজিৰে দাঙি ধৰিলে ভাস্কৰ্য শিল্পীৰ আন এক নিদৰ্শন ।

লক ডাউনঃ চিত্ৰশিল্পী হ'ল গৈ ভাস্কৰ্যশিল্পী !

উল্লেখ্য যে, হাবুঙৰ ঐতিহ্য ৰক্ষাৰ্থে অসম চৰকাৰে আৱণ্টন দিয়া কেইবা কোটি টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ হৈ আছে । হাবুঙৰ বিশেষ উপাসনাথলীৰ সন্মুখত শিল্পীগৰাকীয়ে পকীৰে নিৰ্মাণ কৰিলে চাৰিটাকৈ বিশাল আকাৰৰ ড্ৰেডনৰ মূৰ্ত্তি । আহোমৰ স্মৃতি বিজড়িত স্বকীয় বৈশিষ্ট্যৰে নিৰ্মাণ হৈ থকা এই প্ৰকল্পথলীত নিৰ্মাণ কৰি গ'ল এটাৰ পিছত আনটো ড্ৰেগনৰ প্ৰতিমূতি । ইতিমধ্যে সম্পূৰ্ণ হোৱা চাৰিটা মূৰ্ত্তি সাজোতে প্ৰয়োজন হৈছে সম্পূৰ্ণ দুমাহ । এতিয়াও আৰু দুটা মূৰ্তি সাকাৰ ৰূপ দিবলৈ বাকী আছে বুলি সাংবাদিকৰ আগত সদৰি কৰে শিল্পীজনে । এনেক্ষেত্ৰত লক ডাউনে জীৱন তথা কৰ্মশৈলী পৰিৱৰ্তন আৰু প্ৰাপ্তিৰ বাবে ইতিবাচক প্ৰভাৱ বুলিয়ে মন্তব্য কৰিছে শিল্পীগৰাকীয়ে ।

লগতে পঢ়ক- কোভিড আৰোগ্য কেন্দ্ৰলৈ সহায় প্ৰদান ভাৰতীয় ৰে'লৰ

ABOUT THE AUTHOR

...view details