অসম

assam

ETV Bharat / state

ধেমাজিত মীন পালকৰ হাহাকাৰ - etv bharat

চুবুৰীয়া জিলা লখিমপুৰৰ নাওবৈচাৰ পৰা মাছৰ পোনা আনিবলৈ প্ৰশাসনৰ পৰা অনুমতি বিচৰা হৈছিল যদিও লক ডাউনৰ বাবে প্ৰশাসনৰ পৰা কোনোধৰণৰ অনুমতি লাভ কৰিবলৈ সক্ষম নহ'ল ৷ আনহাতে,এইবাৰ মাছৰ পোনা ফিচাৰীত মেলিব নোৱাৰিলে আগন্তুক দিনত পেটত গামোচা মাৰিবলৈ বাধ্য হ'ব মীন পালকসকল ৷ ইয়াৰ লগতে ধেমাজিত তীব্ৰ মাছৰ সংকটে দেখা দিব ৷

fish cultivators faced problems
ধেমাজিত মীন পালকৰ হাহাকাৰ

By

Published : Apr 28, 2020, 1:57 PM IST

ধেমাজি,28 এপ্ৰিলঃ দেশত অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ লক ডাউন। লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ অৰ্থনীতিৰ সকলো খণ্ড ৷ বিশেষকৈ লক ডাউনৰ বাবেই অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে ধেমাজিৰ মীন পালকসকল ৷ কাৰণ এই সময়ছোৱা মাছৰ প্ৰজনন আৰু মীন পালকসকলৰ অতিকে গুৰুত্বপূৰ্ণ সময় ৷

ধেমাজিত মীন পালকৰ হাহাকাৰ

কিন্তু দীঘলীয়া এই লক ডাউনৰ পৰিপ্ৰেক্ষিতত ধেমাজিৰ মীন পালকসকলে বহিঃৰাজ্যৰ পৰা আনিব পৰা নাই মাছৰ পোনা ৷ যাৰ পৰিপ্ৰেক্ষিতত জিলাখনত দেখা দিছে মাছৰ পোনা সংকটে ৷ জিলাখনৰ এগৰাকী প্ৰগতিশীল স্বীকৃতিপ্ৰাপ্ত মীনপালক যোগেন দাস ৷ ধেমাজিৰ ননদী ভেবেলী গাঁৱৰ বাসিন্দা যোগেন দাসৰ মুঠ 24 বিঘা মাটিত আছে সৰু বৰ কেইবাটাও ফিচাৰী ৷ ই টিভি ভাৰতৰ সাংবাদিকৰ আগত যোগেন দাসে মন্তব্য প্ৰকশ কৰি কয় যে চুবুৰীয়া জিলা লখিমপুৰৰ নাওবৈচাৰ পৰা মাছৰ পোনা আনিবলৈ প্ৰশাসনৰ পৰা অনুমতি বিচৰা হৈছিল যদিও লক ডাউনৰ বাবে প্ৰশাসনৰ পৰা কোনোধৰণৰ অনুমতি লাভ কৰিবলৈ সক্ষম নহ'ল ৷ আনহাতে,এইবাৰ মাছৰ পোনা ফিচাৰীত মেলিব নোৱাৰিলে আগন্তুক দিনত পেটত গামোচা মাৰিবলৈ বাধ্য হ'ব মীন পালকসকল ৷ ইয়াৰ লগতে ধেমাজিত তীব্ৰ মাছৰ সংকটে দেখা দিব বুলিও ব্যক্ত কৰে আন এগৰাকী মীন পালকে ৷

ধেমাজিত মীন পালকৰ হাহাকাৰ

চৰকাৰে শুনিবনে এইসকল মীন পালকৰ সমস্যা সমূহ! সমস্যাসমূহ দূৰ কৰিবলৈ চৰকাৰে আগন্তুক দিনবোৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইয়াও লক্ষণীয় হ'ব ৷

ধেমাজিত মীন পালকৰ হাহাকাৰ



লগতে পঢ়কঃ
বড়োলেণ্ডত জাৰি কৰা হৈছে ৰাজ্যপালৰ শাসন

ABOUT THE AUTHOR

...view details