অসম

assam

By

Published : Mar 31, 2020, 9:12 PM IST

ETV Bharat / state

হাই এলাৰ্টত অসম : শিথিল নহয় লক্ ডাউন !

দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত জামাতৰ পাচত আগন্তুক দুদিন অসমৰ বাবে অতি স্পৰ্শকাতৰ হিচাপে বিবেচিত হৈছে ৷ অসমবাসীক লক্ ডাউন ভংগ নকৰিবলৈ ৰাইজলৈ কাতৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ ৷

lock down won't be disposed
lock down won't be disposed

ধেমাজি ,৩১ মাৰ্চ : কৰ'ণা প্ৰতিৰোধৰ প্ৰস্তুতি বুজ লোৱাৰ বাবে মংগলবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ত উপস্থিত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আইচ'লেশ্বন ৱাৰ্ড নিৰীক্ষণ কৰাৰ পিচত
সংবাদমেল সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে, 1 এপ্ৰিলৰ পৰা শিথিল কৰা নহয় লক্ ডাউন ৷ অহা ১৪ এপ্ৰিললৈকে অসমত লক্ ডাউন অব্যাহত থাকিব ৷ শেহতীয়াকৈ অসমৰ পৰিস্থিতি হাই এলাৰ্টলৈ গতি কৰিছে ৷ ইতিমধ্যে কৰিগঞ্জত অসমৰ প্ৰথমগৰাকী কৰ'ণা আক্ৰান্ত ৰোগী ধৰা পৰিছে ৷

শিথিল কৰা নহয় লক্ ডাউন : হিমন্ত

উল্লেখ্য যে ধেমাজি জিলাত এতিয়ালৈকে সন্দেহ যুক্ত গৃহ নিৰীক্ষণত আছিল ১৮০০ লোক ৷ ইয়াৰে ২৫০ গৰাকীৰ সময় উকলি যোৱা পিচত ১৫৫০ গৰাকীক বৰ্তমানেও নিৰীক্ষণ চলাই থকা হৈছে ৷ ইতিমধ্যে ধেমাজি অসামৰিক চিকিৎসালয়ত ১০ খন আ চি ইউ বেড ব্যৱস্থাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে ৷ ইয়াৰোপৰি এশখন বিচনা ৰোগীৰ বাবে সংৰক্ষণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

মন কৰিবলগীয়া যে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত হাই এলাৰ্ট বুলি বিবেচনা কৰি যোৱাৰ কিছু সময়ৰ পিচতেই কৰ’ণা আক্ৰান্ত হোৱা প্ৰথমটো ভয়ংকৰ খবৰ শুনিবলৈ পাইছে ৰাজ্যবাসীয়ে ৷ এই বাতৰিয়ে ধেমাজিৰ জনসাধাৰণৰ মাজতো চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক : বহিঃৰাজ্যত আৱদ্ধ অসমীয়াক সহায় কৰক ৰাজ‍্য চৰকাৰেঃৰিপুণ বৰা

ABOUT THE AUTHOR

...view details