অসম

assam

By

Published : May 13, 2020, 4:25 PM IST

ETV Bharat / state

লক্ ডাউনত সৰ্বস্বান্ত জোনাইৰ খেতিয়ক

লক্ ডাউনৰ প্ৰভাৱত বাৰীৰ পাচলি বাৰীতে গেলিছে কৃষকৰ ৷ চিমেন চাপৰিৰ ৰবি শস্যৰ খেতিয়ক বলজিৎ বসুমতাৰীৰ বাৰীত গেলিছে তিয়ঁহ, বিলাহী ৷

lock down impact on farmer at Jonai
লক্ ডাউনৰ প্ৰভাৱত চিমেন চাপৰিৰ ৰবি শস্যৰ খেতিয়ক

জোনাই, ১৩ মে'ঃ বিশ্বব্যাপি মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ডেৰ মাহৰো অধিক দিন ধৰি দেশত চলি আছে লক্ ডাউন। লক্ ডাউনৰ প্ৰভাৱত সর্বস্বান্ত হ'ব লগা হৈছে ৰবি শস্যৰ খেতিয়কসকল । খেতিয়কসকলে কষ্টোপাৰ্জিত মূলধন খটুৱাই মূৰৰ ঘাম মাটিত পেলাই তিনি চাৰি মাহ পৰ্যন্ত পৰিশ্ৰম কৰিছে ৰবি শস্যৰ খেতিত । কিন্তু লক্ ডাউনৰ ফলত উৎপাদিত শস্য সমূহ সময়ত বজাৰলৈ উলিয়াই দিব নোৱাৰি বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ৰবি শস্যৰ খেতিয়ক সকল ।

ৰবি শস্যৰ খেতিয়কৰ ওপৰত লক্ ডাউনৰ প্ৰভাৱ
চিমেন চাপৰিৰ বিলাহী খেতি

তেনে পৰিস্থিতিৰে সন্মুখীন হৈছে জোনাই মহকুমাৰ চিমেন চাপৰি অঞ্চলৰ ১ নং জয়পুৰ গাঁৱৰ বলজিৎ বসুমতাৰী । কৃষক গৰাকীয়ে চাৰি বিঘা মাটিত বিলাহী আৰু দুবিঘা মাটিত তিয়ঁহ খেতি কৰি শস্য উৎপাদনৰ সময়তে লক্ ডাউন চলি থকা বাবে উৎপাদিত ৰবি শস্য সমূহ বজাৰলৈ নি বিক্ৰী কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় । ফলস্বৰূপে সম্প্ৰতি বাৰীতে কুইন্টল কুইন্টল বিলাহী, তিয়ঁহ গেলিব ধৰিছে । মোটা অংকৰ মূলধন খটুৱাই কেইবামাহৰ কষ্ট ত্যাগ কৰি ৰবি শস্যৰ খেতিত মনোনিৱেশ কৰি অহা প্ৰগতিশীল খেতিয়কগৰাকী বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ ফলত বৰ্তমান তেওঁৰ অসহায় অৱস্থাৰ সৃষ্টি হৈছে ।

লগতে পঢ়কঃৰাজধানী এক্সপ্ৰেছঃ ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ ডাঙৰ প্ৰত্যাহ্বান

ABOUT THE AUTHOR

...view details