অসম

assam

ETV Bharat / state

আৰক্ষীৰ গুলীত নিহত বাণীকান্ত কুম্বাঙৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ দাবী - পত্নীক কৰ্মসংস্থাপন প্ৰদানৰ দাবী

১১ মে'ৰ নিশা চিমেন চাপৰিৰ আটকপুৰত আৰক্ষীৰ গুলীচালনাত নিহত হোৱা ধেমাজি জিলাৰ কুমলীয়া গাঁৱৰ বাণীকান্ত কুম্বাঙৰ পত্নীক কৰ্মসংস্থাপন প্ৰদানৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।

locals-demand-for-justice-for-banikanta-kumbang
আৰক্ষীৰ গুলীত নিহত বাণীকান্ত কুম্বাঙৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ দাবী

By

Published : May 15, 2021, 3:04 PM IST

জোনাই, ১৪ মে': ১১ মে'ৰ নিশা চিমেন চাপৰিৰ আটকপুৰত আৰক্ষীৰ গুলীচালনাত নিহত হোৱা ধেমাজি জিলাৰ কুমলীয়া গাঁৱৰ বাণীকান্ত কুম্বাঙৰ পত্নীক কৰ্মসংস্থাপন প্ৰদানৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।

যোৱা ১০ মে'ৰ নিশা জোনাইৰ ১ নং চিৰামপুৰীয়া গাঁৱৰ ক্ষূদ্ৰ ব্যৱসায়ী সুভাষ চাহুৰ গুলীচালনা ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে অভিযান চলাই কুমলীয়া গাঁৱৰ নিজ বাসগৃহৰ পৰা সন্ধিয়া আটক কৰি লুকাই থোৱা মাৰনাস্ত্ৰ উদ্ধাৰৰ বাবে লৈ গৈছিল বাণীকান্ত কুম্বাঙক ।

আটকপুৰৰ সমীপৰ এটা কাৰ্লভাটৰ তলত লুকাই ৰখা মাৰণাস্ত্ৰৰে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰোতেই এলডিচিএমৰ দুধৰ্ষ সদস্য বাণীকান্ত কুম্বাঙক গুলীয়াই হত্যা কৰা বুলি সদৰী কৰিছে আৰক্ষীয়ে ।

কিন্তু ঘৰৰ পৰা উঠাই নি শীতল মস্তিষ্কৰে বাণীকান্তক আৰক্ষী বাহিনীয়ে হত্যা কৰা বুলি অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লগতে অঞ্চলটোৰ একাংশ লোকে । পৰিয়ালৰ লোকে উক্ত ঘটনাৰ উচিত তদন্তৰ উচিত ন্যায় প্ৰদান কৰাৰ লগতে পৰিয়ালৰ ভৰণপোষণৰ দ্বায়িত্ব লবলৈ চৰকাৰক দাবী জনাইছে ।
লগতে পঢ়ক: টিংৰাই বিস্ফোৰণত নিহতৰ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details