অসম

assam

By

Published : Apr 30, 2020, 4:36 PM IST

ETV Bharat / state

বাহিৰৰ পৰা আমদানী হোৱা ব্ৰইলাৰে মাধমাৰ শোধাইছে থলুৱা ব্যৱসায়ীক

লক-ডাউনৰ সময়ত দানা আৰু বজাৰৰ অভাৱত বৃহৎ পৰিমানৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ধেমাজি জিলাৰ ব্ৰইলাৰ ব্যৱসায়ী সকলৰ ৷ বৰ্তমান লক-ডাউন শিথিল হোৱাৰ লগে-লগে কিছু পৰিমানে সকাহ পাইছে যদিও বাহিৰৰ পৰা আমদানি হোৱা ব্ৰইলাৰে পুনৰবাৰ মাধমাৰ শোধাইছে ক্ষুদ্ৰ ব্যৱসায়ী সকলক ৷

Local poultry farmer problem face
ব্ৰইলাৰ ফাৰ্ম

ধেমাজি, 30 এপ্ৰিল : লক-ডাউনৰ বাবে ৰাজ্যৰ অৰ্থনীতিলৈ বৃহৎ ক্ষতি ৷ পাচলি ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ব্যৱসায়ীয়ে বিপদৰ সন্মুখীন হ'ব লগা হৈছে ৷ লক-ডাউনৰ আৰম্ভণিতে ৰাজ্যৰ থলুৱা ব্যৱসায়ীয়ে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হোৱাৰ পিছত এইবাৰ বহি:জিলাৰ পৰা আমদানী হোৱা ব্ৰইলাৰে পুনৰবাৰ মাধমাৰ শোধাইছে ধেমাজি জিলাৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক ৷ মাংসৰ প্ৰচুৰ চাহিদা থকা জিলাখনত বহুবোৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ব্ৰইলাৰ পালনৰে জীৱিকা নিৰ্বাহ কৰি থকাৰ সময়তে ধুবুৰী, বৰপেটা আদি বিভিন্ন জিলাৰ পৰা আমদানি হোৱা ব্ৰইলাৰৰ বাবে বৰ্তমান ব্যৱসায়ীসকল যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ৷ জিলাখনৰ এগৰাকী উদ্যমী ব্ৰইলাৰ ব্যৱসায়ী প্ৰিয়ব্ৰত বৰুৱাই ইটিভি ভাৰতৰ সাংবাদিকক জানিবলৈ দিয়া অনুসৰি বিগত 20 বছৰে ব্যৱসায়ীজনে ব্ৰইলাৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে ৷

থলুৱা ব্যৱসায়ী

আনকি নিজৰ লগতে অঞ্চলটোৰ বহুতো যুৱকক ব্ৰইলাৰ পালনৰ জৰিয়তে কৰ্ম-সংস্থাপন দিবলৈ সক্ষম হৈছে প্ৰিয়ব্ৰত বৰুৱাই ৷ কিন্তু বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমদানি হোৱা ব্ৰইলাৰৰ বাবে ব্যৱসায়ী জনৰ লগতে আন ব্যৱসায়ী সকলেও লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ৷ ব্যৱসায়ীজনৰ চাৰিখন ফাৰ্মত পালন কৰা হয় প্ৰায় নব্বৈ হাজাৰ ব্ৰইলাৰ ৷ আনহাতে এই সকলোবোৰ চোৱা-চিতা কৰিবলৈ ফাৰ্ম চাৰিখনত নিয়োজিত হৈ আছে প্ৰায় 30 টা পৰিয়াল ৷ যাৰবাবে বৰ্তমান অনাকাংক্ষিত বিপদৰ সন্মুখীন হৈছে ব্যৱসায়ী সকলৰ লগতে পৰিয়াল সমূহ ৷

ABOUT THE AUTHOR

...view details