জোনাই, ২৮ অক্টোবৰ :প্ৰতিগৰাকী মানুহৰে জীৱনত সংগ্ৰাম থাকে । জীৱন সংগ্ৰামৰ যুঁজত সকলোৱে অৱতীৰ্ণ হ'বলগীয়া হয় । কিন্তু একাংশ লোকৰ পৰিশ্ৰম আৰু জীৱন সংগ্ৰামে বিভিন্নজনক আকৰ্ষণ কৰে । এইবাৰ ধেমাজি জিলাৰ জোনাইৰ এগৰাকী বৃদ্ধৰ জীৱন সংগ্ৰামৰ জীয়া ছবিয়ে সকলোকে মৰ্মাহত কৰিছে । বৃদ্ধগৰাকীৰ জীৱন সংগ্ৰামৰ কথা শুনিলে আপুনিও আচৰিত হ'ব ।
বৃদ্ধগৰাকীৰ নাম একাদশ বৰদলৈ । জোনাই বেৰা চাপৰিৰ মিলন তীৰ্থ গাঁৱৰ বাসিন্দা ৭০ৰ উৰ্দ্ধৰ একাদশ বৰদলৈ । বিগত কেইবাবছৰ ধৰি অকলশৰে বৃদ্ধগৰাকীয়ে গাঁওখনত বাস কৰি আছে । বাসগৃহ বুলিবলৈ তেওঁৰ আছে মাত্ৰ এটা ভগা পঁজা ।
কোন মুহূৰ্তত পঁজাটো সম্পূৰ্ণ ভাগি পৰে তাৰ কোনো নিশ্চয়তা নাই । বাঁহৰ পঁজাটো দেখিলে আপুনি ভাবিবলৈ বাধ্য হ'ব, আচলতে এই ভগা পঁজাটোত কেনেকৈ দিন কটাইছে বৃদ্ধগৰাকীয়ে ? ঘন জংঘলেৰে আৱৰি থকা পজাটোত নাই বেৰ, নাই চালি । ঠাণ্ডা, বতাহ-বৰষুণক নেওচি কষ্টৰ মাজেৰে চিয়াঙৰ পাৰত জীৱনৰ অন্তিম সময়খিনি পাৰ কৰিছে বৃদ্ধগৰাকীয়ে (Life struggle of Old man)।
বৃদ্ধকালত শুশ্ৰূষা ল'বলৈ তেওঁৰ কোনো আপোন নাই । সেয়ে এই বয়সটো জীৱন সংগ্ৰামৰ বাবে চিয়াঙৰ পাৰত দিনত খৰি বুটলি ফুৰে বৃদ্ধগৰাকীয়ে । পাছত সেই খৰিখিনি চাইকেলখনেৰে বজাৰলৈ লৈ গৈ তাত বিক্ৰী কৰে । খৰি বিক্ৰী কৰি পোৱা টকাৰে দাইল আৰু আন খোৱা সামগ্ৰী ক্ৰয় কৰে বৃদ্ধগৰাকীয়ে । কোনোমতে জীৱনৰ অন্তিম সময়চোৱা কটাইছে বৃদ্ধগৰাকীয়ে ।
লক্ষণীয়ভাৱে এনে অৱস্থাত থকা বৃদ্ধগৰাকী কিন্তু চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈছে (Jonai old man deprived of government facilities)। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনৰ ঘৰ পোৱা নাই বৃদ্ধগৰাকীয়ে । আনকি বৃদ্ধ পেঞ্চনৰ পৰাও তেওঁ বঞ্চিত হৈছে ।
অৱশ্যে চৰকাৰী পক্ষৰ বাবে অপেক্ষা কৰি নাথাকি জীয়াই থকাৰ তাড়নাত তেওঁ চলাই গৈছে জীৱন সংগ্ৰাম । বৃদ্ধগৰাকীৰ এনে দুুৰ্দশা দেখি বিভিন্নজনৰ চকুত উদ্বেগৰ চকুপানী দেখিবলৈ পোৱা গৈছে । কিন্তু বৃদ্ধগৰাকীক সহায়ৰ বাবে কোনোবা ওলাই আহিব নে ? চৰকাৰী পক্ষই কিবা ব্যৱস্থা ল'ব নে ?
লগতে পঢ়ক :MP Rwngwra Narzary visits Indo-Bhutan border : অসমৰ পৰিৱেশ বিনস্ত কৰিছে ভূটানে !