জোনাই, 28 অক্টোবৰ : বুধবাৰে জোনাই মহকুমা প্ৰশাসন(Jonai Sub-division Administration)ৰ উদ্যোগত জোনাই টাউন ক্লাৱত আয়োজন কৰা হয় জীৱন-জীৱিকা আৰু উদ্যমী শীৰ্ষক এক অনুষ্ঠান ৷ মূৰ্কংচেলেক ব্ল’ক প্ৰ’গ্ৰেম মেনেজাৰ দেৱী দত্ত গোস্বামীয়ে সঞ্চালনা কৰা সভাৰ উদ্দেশ্যে ব্যখ্যা কৰে নাবাৰ্ড(NABARD)ৰ ডি ডি এম অম্লান ৰঞ্জন তামুলীয়ে ৷
সভাত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা(Pradan Pradan)ই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভ উদ্ধোধন কৰে ৷ তেওঁ কয় যে, অসমীয়া জনজীৱন তথা সংস্কৃতিৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকা আমাৰ তামোলবাৰীখনে প্ৰতিটো গ্ৰাম্য পৰিয়াললৈ আয়ৰ পথ নিশ্চিত কৰি আহিছে ৷
এয়া কোনো নতুন কথা নহয় । কিন্তু আয়ৰ পথ মুকলি কৰা অকল তামোলখিনিৰেই নহয়, তামোল গছৰ পেলনীয়া ঢকুৱাখিনিৰ পৰাও মুকলি কৰিব পাৰি উপাৰ্জনৰ এক আকর্ষণীয় পথ । তামোলৰ ঢকুৱাই বহন কৰা এনেধৰণৰ বিপুল সম্ভাৱনা থকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ উদ্যোগত তামোলৰ ঢকুৱাৰ পৰা উৎপাদিত প্লেটৰ জৰিয়তে জীৱিকা আৰু উদ্যোগ বিকাশশীৰ্ষক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা এই পদক্ষেপক শলাগ লয় ৷ একেটা অনুষ্ঠানতে তিনিটা আত্মসহায়ক গোটক ঋণ প্ৰদান কৰে নাবাৰ্ড(NABARD)য়ে ৷