জোনাই, ২৫ ছেপ্টেম্বৰ :নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ ভূমিস্খলন ৷ অৰুণাচল পাহাৰত হৈ থকা মুলষুধাৰ বৰষুণৰ ফলত পাহাৰ খহি দেওবাৰে পুৱা প্ৰকল্পস্থলীৰ বাঁও পাৰৰ 2 নং টানেলৰ ওপৰৰ বৃহৎ অংশ ভাগি পৰে(Tunnel collapses at Namoni Subansiri hydropower project site) ৷
ৰুষ্ট প্ৰকৃতিৰ ৰোষত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প । পৰিৱেশবিদ তথা বিভিন্ন দল-সংগঠনৰ বিৰোধিতা সত্ত্বেও চলি আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম (lower Subansiri hydropower project) । ইতিমধ্যে প্ৰায় ৯০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে । বিশ্বস্ত সূত্ৰ মতে, আগন্তুক বছৰত উক্ত প্ৰকল্প মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । এইবাৰ ৰুষ্ট প্ৰকৃতিয়ে বাধা দিয়া জলবোমা নিৰ্মাণকাৰী সংস্থা NHPC-ক ৷
নিৰ্মাণৰ সময়ৰে পৰাই বিভিন্ন দুৰ্যোগ সংঘটিত হৈ আহিছে নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পস্থলীত । এইবাৰ পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত (landslide at Subansiri hydropower project site) ।