অসম

assam

By

Published : Jun 3, 2020, 7:28 PM IST

ETV Bharat / state

অৰুণাচলত ভয়ংকৰ ভূমিস্খলনঃ আবদ্ধ শতাধিক যানবাহন সহ যাত্ৰী

ৰাজ্যত অব্যাহত আছে ভয়ংকৰ ভূমিস্খলন । মঙলবাৰে ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা।

Landslide at arunachal pachighat
Landslide at arunachal pachighat

জোনাই, ৩ জুন : ইতিমধ্যে ভূমিস্খলনত মৃত্যু হৈছে বহু লোকৰ। মঙলবাৰে পুনৰ অৰুণাচলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। কেবাদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ বাবে অৰুণাচলৰ পাছিঘাটৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ আগৰ পাংগিঙৰ পথৰ ৰতটোঙৰ সমীপত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। আৰুণালৰ পূৱ আৰু পশ্চিমলৈ যোৱা গড়কাপ্তানী পথৰ মাজত পাহাৰ খহাৰ পৰাৰ ফলত ব্যাহত হৈ পৰে Trans Arunachal Highwayপথ। ইতিমধ্যে ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰিছে পাছিঘাটৰ পৰা আল ইংকং আৰু পাংগিঙ মেছুকা বলেং আপাৰ চিয়াঙলৈ যোৱা শতাধিক যান বাহন আৰু যাত্ৰী ৷

অৰুণাচলত ভয়ংকৰ ভূমিস্খলনঃআৱদ্ধ শতাধিক যানবাহন সহ যাত্ৰী
জানিব পৰা মতে,কালি দুপৰীয়া পাহাৰ খহি অহাৰ ফলত কৰ'ণা আতংকৰ মাজেতে দেশৰ বিভিন্ন ঠাইৰ পৰা নিজ ঘৰলৈ ঘূৰি অহা লোক সকল আবদ্ধ হৈ পৰাত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।লগতে পঢ়ক: পথৰ দাঁতিত উদ্ধাৰ মহিলাৰ মৃতদেহ

ABOUT THE AUTHOR

...view details