অসম

assam

ETV Bharat / state

জোনাইত লুইতৰ বুকুত জাহ শ শ মিটাৰ ভূমি

ধেমাজি জিলাৰ জোনাইৰ বহু অঞ্চলত এতিয়া বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে । ক্ৰমাৎ বৰলুইতৰ বুকু উফন্দি উঠাত বিভিন্ন ঠাইত সৃষ্টি হৈছে তীব্ৰ খহনীয়াৰ ।

লুইতৰ বুকুত জাহ শ শ মিটাৰ ভূমি

By

Published : Jun 2, 2019, 4:32 PM IST

জোনাই, ২ জুন : শেহতীয়াকৈ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠা বৰলুইতৰ পানীয়ে ৰাজ্যৰ বিভিন্ন ঠাইত সৃষ্টি কৰিছে তীব্ৰ খহনীয়াৰ । ধেমাজি জিলাৰ জোনাইৰ ঐৰামঘাট, বেৰাচাপৰি, পবামুখ, চিমেনমুখ চেঙাজান - মাজৰবাৰীকে ধৰি ঢকুৱাখনা অঞ্চলতো সৃষ্টি হোৱা খহনীয়াই নৈপৰীয়া ৰাইজক আতংকিত কৰি তুলিছে । ইয়াৰ ফলত জিলাখনৰ একমাত্ৰ বাণিজ্যিক নগৰ চিলাপথাৰলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে গঢ়া খহনীয়াই । কুৰিখনৰো অধিক গাঁও খহনীয়াত জাহ যোৱাৰ লগতে অঞ্চলটোৰ মঙলবৰীয়া বজাৰৰ দুৰ্গাপূজা মন্দিৰটোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ৷

লুইতৰ বুকুত জাহ শ শ মিটাৰ ভূমি

উল্লেখ্য যে চিয়াং নদীৰ বান খহনীয়াৰ পৰা জোনাই সদৰক ৰক্ষা কৰি অহা বনাঞ্চলৰ পবামুখ অঞ্চলতো নদীখনে খহনীয়াৰ সৃষ্টি কৰিছে । ঢকুৱাখনাৰ মাতমাৰ পঞ্চায়তৰো বহু অঞ্চলত এনেদৰে খহনীয়া অব্যাহত আছে যদিও কাণসাৰ নাই ধেমাজি - ঢকুৱাখনা জলসম্পদ বিভাগৰ । চৰকাৰ তথা জনপ্ৰতিনিধিৰ চৰম অৱহেলাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

ABOUT THE AUTHOR

...view details