অসম

assam

By

Published : May 19, 2023, 9:19 PM IST

ETV Bharat / state

Jonai Land Dispute: অন্ত পৰা নাই জোনাইৰ মুনমুনি চাপৰিৰ ভূমি বিবাদৰ

জোনাই মুনমুনি মাজিআলি চাপৰিত পুনৰ গো-পালক আৰু খেতিয়কৰ মাজত সংঘাত । লাট মণ্ডলৰ লগতে ভূমি জৰীপ বিভাগৰ এটা দল উপস্থিত হৈছিল অসংৰক্ষিত অৱস্থাত থকা প্ৰায় ২৯২০ বিঘা ভূমি চৰকাৰীভাৱে জৰীপ কৰাৰ উদ্দেশ্যে (Land Conflict in Jonai) । পিছে একাংশ গো-পালকে জৰীপ কৰিবলৈ ওলোৱা বিষয়াক ফোনযোগে বাধা দিয়াৰ পাচতে উভতি যায় দলটো ।

Land Dispute case in Jonai
জোনাইত পুনৰ গো-পালক খেতিয়কৰ সংঘাত

জোনাইত পুনৰ গো-পালক খেতিয়কৰ সংঘাত

জোনাই, ১৯ মে':জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত মুনমুনি মাজিআলি চাপৰিত পুনৰ গো-পালক আৰু খেতিয়কৰ মাজত ভূমি বিবাদক লৈ বৃহস্পতিবাৰে সৃষ্টি হয় সংঘাত (Land Conflict in Jonai) । জানিবপৰা অনুসৰি জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত মুনমুনি মাজিআলি চাপৰিৰ চৰ অঞ্চলৰ অসংৰক্ষিত অৱস্থাত থকা প্ৰায় ২৯২০ বিঘা ভূমি চৰকাৰীভাৱে জৰীপ কৰাৰ উদ্দেশ্যে লাট মণ্ডলৰ লগতে ভূমি জৰীপ বিভাগৰ এটা দলে বৃহস্পতিবাৰে যাত্ৰা কৰে ।

কিন্তু একাংশ গো-পালকে জৰীপ কৰিবলৈ ওলোৱা বিষয়াক ফোনযোগে ভূমি জৰীপ কৰিবলৈ বাধা প্ৰদান কৰাত পুনৰ ঘূৰি যাবলগীয়া হয় বুলি জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা উক্ত ভূমিক লৈ গো-পালক আৰু খেতিয়কৰ মাজত সৃষ্টি হৈ আহিছে বিভিন্ন সংঘাত (Allegations of land encroachment) ।

তেনে সময়তে বৃহস্পতিবাৰে পুনৰ গো-পালকসকলে ভূমি জৰীপ কাৰ্যক বাধা প্ৰদান কৰাত শতাধিক খেতিয়কে গালী ঘাটত গোট খাই বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে (Land Dispute case in Jonai) । ইফালে ভূমি জৰীপত ফোনযোগে বাধা প্ৰদান কৰা ব্যক্তিসকলক উচিত শাস্তি প্ৰদান কৰাৰ লগতে অতি শীঘ্ৰে অসংৰক্ষিত অৱস্থাত থকা মুনমুনি মাজিআলি চাপৰিৰ ভূমি পুনৰ চৰকাৰীভাৱে জৰীপ কৰি দীৰ্ঘ দিনীয়া সমস্যা সমাধান কৰি দিবলৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে ধেমাজি জিলা আৰু জোনাই মহকুমা প্ৰশাসনক দাবী উত্থাপন কৰে খেতিয়ক ৰাইজে (Jonai Land Dispute) ।

উল্লেখযোগ্য যে, ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত মাঝি আলি, মুনমুনি চাপৰিৰ ১ নং দাগৰ ২,১৮৫ বিঘা ভূমি ১৯৯২ চনত আৰু দুই নং দাগৰ ১৫,৭৩৫ বিঘা ভূমি ২০১০ চনত মুঠ ১৭,৯২০ বিঘা ভূমিক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চূড়ান্ত প্ৰতিবেদনত চৰণীয়া ভূমি হিচাপে প্ৰদান কৰে গো-পালকসকলক ।

কিন্তু খেতিয়ক ৰাইজৰ অভিযোগ অনুসৰি যোৱা এপ্রিল মাহত ASSAM SURVEY অনুসৰি মুনমুনি মাঝি আলি, গালী চাপৰিৰ মুঠ ১৭,৯২০ বিঘা ভূমিৰ পৰিবৰ্তে ওলাই পৰিছিল ১৯,৮৮০ বিঘা ভূমি । সেই অনুসৰি অতিৰিক্ত ১,৯৮০ বিঘা ভূমি অ-সংৰক্ষিত ভূমি হিচাপে জোনাই ৰাজহ বিভাগে ঘোষণা কৰে ৷ সেই অনুসৰি চৰকাৰীভাৱে জৰীপ কৰাৰ উদ্দেশ্যে লাট মণ্ডলৰ লগতে ভূমি জৰীপ বিভাগৰ এটা দলে বৃহস্পতিবাৰে যাত্ৰা কৰে যদিও গো-পালকৰ একাংশ লোকে জৰীপ কৰিবলৈ ওলোৱা বিষয়াক ফোনযোগে ভূমি জৰীপ কৰিবলৈ বাধা প্ৰদান কৰে ।

লগতে পঢ়ক:PM Fasal Bima Yojana: ২৩৪ কোটি টকাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন বিতৰণ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details