অসম

assam

ETV Bharat / state

বগীবিল কাৰেং চাপৰিত মিচিং যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন - MLA Bhuwan Pegu in Jonai

Mising Youth Festival: ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ । চিলাপথাৰ বগীবিল কাৰেং চাপৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰত্যেক বছৰে মিচিং যুৱ মহোৎসৱ উদযাপন কৰা হ'ব বুলি মন্তব্য় বিধায়ক ভূৱন পেগুৰ ।

Gomaram Dance in Silapatha
মিচিং যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন বিধায়ক ভূৱন পেগুৰ

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 2:58 PM IST

মিচিং যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন বিধায়ক ভূৱন পেগুৰ

জোনাই, ২২ ডিচেম্বৰ:ধেমাজি জিলাৰ বগীবিল দলঙৰ কাৰেং চাপৰিত নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ ২০২৪ ৰ ১ ফ্ৰেব্ৰুৱাৰী পৰা অনুষ্ঠিত হ'ব । আজি দিনৰ প্ৰায় ১১-৩০ মিনিট সম্পূৰ্ণ জনজাতি মিচিং সকলৰ পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে এক উৎসৱমুখৰ পৰিৱেশত যুৱ মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয় । বগীবিল কাৰেং চাপৰিৰ ব্ৰহ্মপুত্ৰৰ লোহিতৰ পাৰত অনুষ্ঠিত উক্ত অনুষ্ঠানত পুৱা সম্পূৰ্ণ মিচিং মাংগলিক কাৰ্য সম্পন্ন কৰাৰ পাছত আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে যুৱ মহোৎসৱৰ উপদেষ্টা তথা জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ।

ইয়াৰ পিচত কাৰেং চাপৰি,ডাম্বোক, মেচাকি আৰু চিলাপথাৰ আদি বিভিন্ন ঠাইৰ মিচিং সাংস্কৃতিক কৃষ্টি দলে প্ৰদৰ্শন কৰা গোমৰাম নৃত্য-ঐনিঃতমৰ সুৰত আবাল-বৃদ্ধ যুৱক-যুৱতী সকলোৱে নৃত্য-গীতত মতলীয়া হৈ পৰে । ইয়াৰ লগে লগে মিচিং জাতীয় সাজপাৰৰ ভিন্নধৰ্মীয় ৰঙৰ মাজত গঢ় লৈ উঠা এক অন্যন্য পৰিৱেশে লোহিতপাৰ মুখৰিত কৰে । ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত বিধায়ক ভূৱন পেগুয়ে কয় যে টাকাম মিচিং পৰিন কেবাঙৰ নেতৃত্বত এইবাৰৰ পৰা উদযাপন কৰা হ'ব মিচিং যুৱ মহোৎসৱ ৷ এই বগীবিল কাৰেং চাপৰিত প্ৰত্যেক বছৰে উদযাপন কৰা হ'ব মিচিং যুৱ মহোৎসৱ ।

তেওঁ কয় যে পৌৰাণিক সাংস্কৃতিক বাদ্যযন্ত্ৰ আৰু লোক সংস্কৃতি প্ৰদৰ্শন কৰাৰো ব্যৱস্থা কৰা হ'ব এই যুৱ মহোৎসৱত । মিচিং যুৱ মহোৎসৱত মিচিং জনগোষ্ঠীৰ বিলুপ্ত হৈ পৰা ৰীতি-নীতি সম্পৰ্কীয়, সাজ-পোছাকৰ লগতে জনগোষ্ঠীটোৰ বিভিন্ন কৃষ্টি সংস্কৃতি ধৰ্মীয় পূজা পাতল প্ৰদৰ্শন কৰা হ'ব । আজিৰ এই লাইখুঁটা অনুষ্ঠানত সদৌ মিচিং ছাত্ৰ সন্থা (টিএমপিকে) ৰ সভাপতি তিলক দলে, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়ে, কনক দলে, জিলা পৰিষদৰ উপ সভানেত্ৰী বন্তিবালা পেগু, টিএমপিকে, এমএমে,টিএমএমকে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, চিলাপথাৰ জিলা আৰু ১৩খন আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:GMC ত এটা ভূত আছে, এই ভূতে কাম সম্পূৰ্ণ হ’বলৈ নিদিয়ে : অশোক সিংহল

ABOUT THE AUTHOR

...view details