অসম

assam

By

Published : Dec 25, 2022, 7:43 PM IST

ETV Bharat / state

foundation stone of ABCF and ABOWF: নিখিল বড়ো সাংস্কৃতিক মঞ্চ-আবৌফৰ অধিৱেশনৰ লাইখুঁটা স্থাপন

নিখিল বড়ো হাৰিমু আফাডৰ ১৯ সংখ্যক আৰু নিখিল বড়ো মহিলা কল্যাণ পৰিষদ চমুকৈ আবৌফৰ ১৭ সংখ্যক অধিৱেশনৰ দিন সলনি ৷ ২০২৩ বৰ্ষৰ ২১, ২২ আৰু ২৩ জানুৱাৰীৰ সলনি ২০২৩ বৰ্ষৰ ১৬,১৭ আৰু ১৮ জানুৱাৰীত অনুষ্ঠিত হ’ব অধিৱেশনখন ৷ এই অধিৱেশনখনৰ আজি লাইখুঁটা স্থাপন কৰা হয় (Laid foundation stone of ABCF and ABOWF) ৷

Laid foundation stone of 19th Triennial Conference of ABCF and 17th Biennial Conference of ABOWF in Jonai
নিখিল বড়ো সাংস্কৃতিক মঞ্চৰ ১৯ সংখ্যক ত্ৰি-বাৰ্ষিক আৰু নিখিল বড়ো মহিলা কল্যাণ পৰিষদৰ ১৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

নিখিল বড়ো সাংস্কৃতিক মঞ্চৰ ১৯ সংখ্যক ত্ৰি-বাৰ্ষিক আৰু নিখিল বড়ো মহিলা কল্যাণ পৰিষদৰ ১৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

জোনাই,২৫ ডিচেম্বৰ: নিখিল বড়ো সাংস্কৃতিক মঞ্চৰ ১৯ সংখ্যক (All Boro Cultural Forum) ত্ৰি-বাৰ্ষিক আৰু নিখিল বড়ো মহিলা কল্যাণ পৰিষদ (আবৌফ)ৰ (ABOWF) ১৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ আজি লাইখুঁটা স্থাপন কৰা হয় । ২০২৩ বৰ্ষৰ ১৬,১৭ আৰু ১৮ জানুৱাৰীত চিমেন চাপৰিত অনুষ্ঠিত হ’ব এই অধিৱেশন (Laid foundation stone of ABCF and ABOWF) ৷

ধেমাজি জিলাৰ চিমেন চাপৰি সতীশ বসুমতাৰী বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত তিনিদিনীয়াকৈ বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অধিৱেশনখন ৷ নিখিল বড়ো সাংস্কৃতিক মঞ্চ চমুকৈ হাৰিমু আফাড আৰু নিখিল বড়ো মহিলা কল্যাণ পৰিষদ চমুকৈ আবৌফৰ (All Boro Womens Welfare Council) কেন্দ্ৰীয় অধিৱেশনৰ আজি মাংগলিক ৰীতি-নীতিৰে লাইখুঁটা স্থাপন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে ।

লাইখুঁটা স্থাপন কৰি দিয়া ভাষণত মিহিনিশ্বৰ বসুমতাৰীয়ে কয় যে নিখিল বড়ো সাংস্কৃতিক মঞ্চ তথা দুলাৰায় বড়ো হাৰিমু আফাড আৰু বড়ো মহিলা কল্যাণ পৰিষদ চমুকৈ আবৌফে বড়ো জাতিৰ অস্তিত্বৰ সুৰক্ষা,উন্নয়ন আৰু সৰ্বাঙ্গীণ বিকাশৰ স্বাৰ্থত জন্মলগ্নৰে পৰাই নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে ৷ বড়োসকলৰ কলা-কৃষ্টি-সংস্কৃতিৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বড়ো হাৰিমু আফাড তথা নিখিল বড়ো সাংস্কৃতিক মঞ্চই গ্ৰহণ কৰি অহা সবল ভূমিকাৰ বাবেই আজি বড়োসকল বিশ্বজুৰি সংস্কৃতিৱান জাতি হিচাপে প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছে ৷

তেওঁ লগতে কয় যে স্বজাতিৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত বড়ো মহিলা কল্যাণ পৰিষদ তথা আবৌফে অগ্ৰণী ভূমিকা লৈ বড়ো জাতিৰ মহিলাসকলক জাতীয়তাবোধ জগাই তোলাৰ লগতে জাতিৰ মহিলা সমাজক সৱলীকৰণত গুৰু দায়িত্ব পালন কৰি আহিছে । বড়ো জাতিৰ জাতীয় সত্ত্বা আৰু সামাজিক জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ আবৌফৰ ১৭ সংখ্যক আৰু বড়ো হাৰিমু আফাডৰ ১৯ সংখ্যক যৌথ অধিৱেশনখনতে সংগঠন দুটাৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে ভৱিষ্যত নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ আৰু প্ৰস্তাৱিত ধেমাজি জিলাৰ চিমেন চাপৰি যৌথ অধিৱেশনখনত বড়ো জাতিৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰিব পৰাকৈ আয়োজন কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়াই বিকেডব্লিউএচিৰ প্ৰধানগৰাকীয়ে ।

ইয়াৰ পাছতে অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ মুখ্য কাৰ্যালয়ত হাৰিমু আফাড আৰু আবৌফৰ আগন্তুক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয় । সভাই ধেমাজি জিলাৰ চিমেন চাপৰি এছবি বড়ো হাইস্কুল খেলপথাৰত ২০২৩ বৰ্ষৰ ২১, ২২ আৰু ২৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা নিখিল বড়ো সাংস্কৃতিক মঞ্চৰ ১৯ সংখ্যক ত্ৰি-বাৰ্ষিক আৰু নিখিল বড়ো মহিলা কল্যাণ পৰিষদৰ ১৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ দিন সলনি কৰি ২০২৩ বৰ্ষৰ ১৬, ১৭ আৰু ১৮ জানুৱাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখযোগ্য যে পূৰ্বৰ তাৰিখ সমূহত হাইস্কুলৰ নৱম আৰু দশম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা থকাৰ বাবে অধিৱেশনৰ দিন তাৰিখ আগুৱাই আনিব লগা হয় বুলি অভ্যৰ্থনা সমিতিয়ে অৱগত কৰে ।

এই সভাত বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী, আবৌফৰ সভানেত্ৰী দিপালী নাৰ্জাৰী,সাধাৰণ সম্পাদিকা মঞ্জুৰী বড়ো,বড়ো হাৰিমু আফাডৰ উপ সভাপতি বিনন্দ মুছাহাৰী,সাংগঠনিক সম্পাদক অতুল গয়াৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী, ধেমাজি জিলা বড়ো হাৰিমু আফাডৰ সভাপতি নাথুৰাম মুছাহাৰী, অভ্যৰ্থনা সমিতিৰ কাৰ্য্যকৰী সভাপতি শুক্ৰেশ্বৰ গয়াৰী,উপ সভাপতি জোনাৰাম ব্ৰহ্ম, সহকাৰী সাধাৰণ সম্পাদক ৰাতিৰাম বসুমতাৰী,আবৌফৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্ম,ইউবিপিঅ'ৰ সাংগঠনিক সম্পাদিকা প্ৰাণজিতা বড়ো প্ৰমুখ্যে বড়ো হাৰিমু আফাড আৰু আবৌফৰ বহু সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক:Srimanta Sankardeva Sangha: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

ABOUT THE AUTHOR

...view details