জোনাই, ২০ নৱেম্বৰ : দেওবাৰে লাইখুঁটা স্থাপন কৰা হ’ল ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ (Sankaradeva Sangha 92th Adhiveshan)৷ জোনাইত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনখনৰ লাইখুঁটা স্থাপন কৰে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে (Padadhikar Kamalakanta Gogoi)৷ লাইখুঁটা স্থাপনৰ কাৰ্যসূচীয়ে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰিলে পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত ৷
উল্লেখ্য যে, উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ(Srimanta Sankardeva Sangha) ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনখন সংঘৰ জোনাই জিলা শাখাৰ আতিথ্যত অহা ১০, ১১ অৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব৷ গুৰুজনাৰ একান্ত জনজাতীয় ভক্ত পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰৰ নামেৰে নামাকৰণ কৰা হৈছে জোনাই জিলা শাখাৰ অন্তৰ্গত চিমেন চাপৰিৰ অধিৱেশস্থলী ৷
দেওবাৰে পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই অধিৱেশনৰ পবিত্ৰ লাইখুঁটা স্থাপন কৰা হ’ল পুৱা ১০ বজাত (Lai khuta of Sankaradeva Sangha 92th Adhiveshan)৷ অনুষ্ঠান উপলক্ষে চেৰেণ পথাৰত এক উদুলি মুদলি পৰিৱেশ দেখা গ’ল৷ লাইখুঁটা স্থাপন হোৱা চেৰেণ পথাৰ ভকত-বৈষ্ণৱৰ নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিল৷