ধেমাজি, ২৬ এপ্ৰিলঃ ধেমাজিৰ গোহাঁই গাওঁত শনিবাৰে পৰম্পৰাগত ভাৱে গাঁওবাসীয়ে অনুষ্ঠিত কৰিলে কুকুৰা যুজঁ । 147 বছৰ ধৰি উদযাপন কৰি আহিছে এই কুকুৰা যুঁজ ।
ধেমাজি গোহাঁই গাঁৱত 147 বছৰীয়া কুকুৰা যুঁজ - 147 বছৰীয়া
কুকুৰা যুঁজত বগা কুকুৰা জয়ী হলে বছৰটোৰ বাবে ৰজাৰ মংগল আৰু ৰঙা কুকুৰাৰ জয়ী হ'লে প্ৰজাৰ মংগল হয় ।

উল্লেখ্য যে, লোকবিশ্বাস অনুসৰি ধেমাজি গোহাঁই গাওঁবাসীয়ে বিশ্বাস কৰে যে এই কুকুৰা যুঁজত বগা কুকুৰা জয়ী হলে বছৰটোৰ বাবে ৰজাৰ মংগল আৰু ৰঙা কুকুৰাৰ জয়ী হ'লে প্ৰজাৰ মংগল হয় । তেওঁলোকৰ পৰম্পৰাগত এই কুকুৰা যুঁজে এইবেলি 147 বছৰত ভৰি দিছে । এইবাৰ যুজঁত বগা কুকুৰাই বিজয় হোৱা বাবে বছৰটোৰ ৰজা অৰ্থাৎ দেশৰ মংগল হয় বুলি মন্তব্য কৰে গাওঁবাসীয়ে । তাৰোপৰি এই যুঁজলৈ অহা শ-শ দৰ্শক সকলে হাত চাপৰি বজাই আনন্দ লভাৰ লগতে তীব্ৰ উৎকণ্ঠাৰে উপভোগ কৰে কুকুৰা যুঁজ ।
অধিক জানিবলৈ - নিউৱৰ্কত প্ৰদৰ্শিত ‘আমিষ’ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ