অসম

assam

ETV Bharat / state

ধেমাজিত দুদিনীয়াকৈ আৰম্ভ কৃষক মেলা - পৰমানন্দ চায়েঙীয়া

ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল কৃষক মেলা ৷ ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ কাৰ্যালয়ৰ চৌহদত উদযাপন কৰা হ'ল কৃষক মেলা ৷

krishok mela at dhemaji
ধেমাজিত দুদিনীয়াকৈ আৰম্ভ কৃষক মেলা

By

Published : Feb 8, 2020, 7:25 PM IST

ধেমাজি , ৮ ফেব্ৰুাৰী :ধেমাজি জিলা কৃষি বিভাগ আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ যৌথ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল কৃষক মেলা ৷ ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ কাৰ্যালয়ৰ চৌহদত উদযাপন কৰা কৃষক মেলাৰ বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰে । উল্লেখ্য যে প্ৰায় ৩৬ টা ষ্টলত নিৰ্মাণ কৰি দিয়া কৃষক মেলাত প্ৰায়কেইটা থলীতেই কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনৰ লগতে বিক্ৰী কৰা হৈছে । লগতে উদ্যমী কৃষকসকলক পৰামৰ্শ দিবৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বহুকেইগৰাকী কৃষি বিজ্ঞানী আৰু সমল ব্যক্তিক আমন্ত্ৰণ জনাই বুলি মন্তব্য কৰে ধেমাজি জিলাৰ কৃষি বিষয়া ত্ৰিৰংগা ভাৰতীয় বৰাই । কৃষি বিভাগৰ সৈতে যৌথ উদ্যোগত কৃষক মেলা অনুষ্ঠিত কৰা মিচিং স্বায়ত্ব শাসিত পৰিষদে উদ্যমী যুৱ তথা প্ৰগতিশীল খেতিয়কসকলক সহায় কৰি অহাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ দি আহিছে বুলি মন্তব্য কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ।

ধেমাজিত দুদিনীয়াকৈ আৰম্ভ কৃষক মেলা

ABOUT THE AUTHOR

...view details