ধেমাজি,4 জানুৱাৰীঃ বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰিছে নতুন পন্থা ৷ সংগঠনটোৰ উদ্দেশ্যে হৈছে আইনখন সম্পৰ্কত জনসাধাৰণক সজাগ কৰা ৷ ধেমাজি জিলাত সংগঠনটোৰ উদ্যোগত আৰু স্থানীয় দল-সংগঠনৰ সহযোগত গাঁৱে গাঁৱে অনুষ্ঠিত কৰা হৈছে গণ প্ৰতিবাদী সভা ৷
কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ উদ্যোগত ধেমাজিৰ গাঁৱে গাঁৱে প্ৰতিবাদী সভা
শনিবাৰে অসম-অৰুণাচল সীমান্তৰ ৰাইটিং অঞ্চলত আয়োজন কৰা হয় এক ৰাজহুৱা সভা ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজিত স্থানীয় দল-সংগঠনৰ সহযোগত গাঁৱে গাঁৱে অনুষ্ঠিত কৰিছে গণ প্ৰতিবাদী সভা ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে সংগঠনটোৰ এই নতুন প্ৰচেষ্টা ৷
প্ৰতিবাদী সভা
শনিবাৰে অসম-অৰুণাচল সীমান্তৰ ৰাইটিং অঞ্চলত আয়োজন কৰা হয় তেনে এক ৰাজহুৱা সভা ৷ অঞ্চলটোৰ ৰাজহুৱা মঞ্চত অনুষ্ঠিত কৰা হয় উক্ত সভাখন ৷ সভাখনৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভৱেন হালৈ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা দেবব্ৰত শইকীয়াই চৰকাৰৰ আক্ৰোশমূলক ষড়যন্ত্ৰৰ বিৰুদ্ধে সমালোচনা কৰে ৷ লগতে আইনখন বাতিল কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগ কামনা কৰে ৷
লগতে চাওকঃ2020ৰ প্ৰথমখন T20: ভাৰত বনাম শ্ৰীলংকা