জোনাই, ১৬ ফেব্ৰুৱাৰী : বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত মানৱ সমাজৰ ঐক্য, শান্তি, প্ৰগতি আৰু উন্নয়নৰ মহান লক্ষ্য আগত ৰাখি ধেমাজি জিলাৰ সানজাৰি নৌগৌৰৰ চিমেন চাপৰিত দ্বিতীয় বাৰ্ষিক পৱিত্র বাথৌ খেৰাই পূজা অনুষ্ঠিত কৰা হয় (Kherai Puja at Jonai)। পুৱা ১০ বজাৰ পৰা বাথৌ খেৰাই বেদী নিৰ্মাণ কৰি সিজু গছ, তুলসী, বিৰিণা, বাঁহ স্থাপন কৰা হয় । ধৰ্মীয় ৰীতি-নীতিৰে এই পূজা উদযাপন কৰা হয় ।
ইয়াৰ পাচতে পুৰোহিত আৰু পূজাৰীসকলে বাথৌ খেৰাই পূজাৰ সকলো নিয়ম সম্পাদন কৰে । অনুষ্ঠানত বাথৌ খেৰাই পূজাৰ তাৎপৰ্যপূৰ্ণ ব্যাখ্যা আগবঢ়াই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, বিশ্বব্ৰহ্মাণ্ডৰ মানৱ সমাজৰ কল্যাণৰ বাবে ঈশ্বৰৰ ওচৰত পূজা অৰ্চনা কৰা হয় (Biswajit Daimary on Kherai Puja)। মানৱ সমাজৰ ঐক্য, শান্তি, প্ৰগতি আৰু উন্নয়নৰ লগতে ৰোগ, ব্যাধি নিৰাময়ৰ বাবে প্ৰাচীন কালৰে পৰাই বড়োসকলে বাথৌ খেৰাই পূজা পালন কৰি আহিছে ।
ইফালে বড়োভূমিৰ ৰাজনীতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধ্যক্ষগৰাকীয়ে হাগ্ৰাম মহিলাৰীক এজন খেতিয়কৰ সৈতে তুলনা কৰে (Biswajit Daimary reacts over BTR politics) ৷ এজন খেতিয়কে যেনেকৈ খেতিৰ সময় হ'লে নাঙল লৈ সাজু হয় তেনেকৈ হাগ্ৰামা মহিলাৰীও নিৰ্বাচনৰ লগে লগে সাজু হৈছে বুলি মন্তব্য কৰে । ইয়াৰ উপৰিও বাল্য বিবাহ সম্পৰ্কতো অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি সমৰ্থন জনাই বিধানসভাৰ অধ্যক্ষগৰাকীয়ে ৷